আমাৰ দেশ ভাৰতত যেতিয়া তাপমাত্ৰা মাইনাছ হয় তেতিয়া ঠাণ্ডা শিখৰত উপনীত হৈছে বুলি বিশ্বাস কৰা হয়।কিন্তু আমি বহুতেই হয়তো নাজানো যে পৃথিৱীৰ এনে এখন ঠায়ো আছে য’ত শীতকালত তাপমাত্ৰা -৮০ ডিগ্ৰীলৈকে হ্ৰাস পায়। বিশ্বৰ আটাইতকৈ ঠাণ্ডা আৱাসিক অঞ্চল হৈছে ৰাছিয়াৰ অমাইকন চহৰ। শীতকালত ইয়াত চকুৰ পতাতো যেন বৰফ জমা হয় তথাপি ইয়াত মানুহে ২৪ ঘন্টা ধৰি নিজৰ বাহন চলাই থাকে।
ৰাছিয়াৰ অমাইকন বিশ্বৰ ভিতৰতে আটাইতকৈ ঠাণ্ডা বসতিপ্ৰধান অঞ্চল। শীতকালত ইয়াত ব্যায়াম কৰাটোও নিষিদ্ধ। কাৰণ এনে ঠাণ্ডাত ঘামচি ওলালে মৃত্যুও হ’ব পাৰে। চাইবেৰিয়াৰ ইয়াকুট্ছা অঞ্চলৰ ওচৰৰ এই চহৰখনত শেহতীয়া লোকপিয়ল অনুসৰি ৫০০লোকৰ জনসংখ্যা লিপিবদ্ধ কৰা হৈছিল। এই চহৰ সদায় সমগ্ৰ বিশ্বৰ মানুহৰ বাবে গৱেষণাৰ বিষয় হৈয়েই আছে। ভাবিলে আচৰিত লাগে যে ইমান ঠাণ্ডাত ইয়াত মানুহ কেনেকৈ জীয়াই থাকিব।
২০১৫ চনত নিউজিলেণ্ডৰ এটা ফটোগ্ৰাফাৰৰ দল ইয়াত উপস্থিত হৈছিল।কিন্তু ঠাণ্ডাৰ বাবে তেওঁলোক হোটেলৰ পৰা বহুদিন ওলাই নাহিল যদিও ওলাই অহাৰ পিছত তেওঁলোকে দেখিলে যে ইয়াৰ মানুহৰ অনুভৱ গৰম অঞ্চলত বসবাস কৰা মানুহৰ সৈতে পৃথক নহয় ।
ৰাছিয়ান ভাষাত অমাইকন ( Omykon) মানে যিটো কেতিয়াও গোট নামাৰে বা জমা নহয় ৷ কিন্তু নামৰ বিপৰীতে প্ৰায় প্ৰতিটো ঋতুতে ‘অমাইকন’ গোট মাৰি বৰফ হয়। গৰমৰ দিনতো ওমাইকনৰ উষ্ণতা -১০ ডিগ্ৰী হৈয়েই থাকে। বহু সময়ত ইয়াত বাহিৰলৈ ওলাই গ’লে চকুলো ওলাই আহে আৰু ঠাণ্ডাৰ বাবে চকুলোবোৰো জমা হৈ পৰে। ইয়াত তাপমাত্ৰা -৫০ ডিগ্ৰীৰ তললৈ নামিলে বিদ্যালয় বন্ধ হৈ থাকে।
এই অঞ্চলৰ বসতিৰ আঁৰতো আছে এক আমোদজনক কাহিনী ৷ ১৯২০ চনৰ আশে-পাশে গৰম পানীৰ ঝৰ্ণা বিচাৰি ঘূৰি ফুৰা ৰেণ্ডিয়াৰ পশুপালকৰ এটা বৃহৎ জাক এই ঠাইত উপস্থিত হৈছিল। ইয়াৰ পিছত তেওঁলোকে ইয়াতে বসতি স্থাপন কৰিবলৈ লয় য’ত গোটেই বছৰটো মাইনাছ উষ্ণতাৰ বাবে শস্ৰ উৎপাদন নাই। যাৰ কাৰণে ইয়াৰ মানুহে মাংস খায়। য’ত হৰিণাৰ মাংসই হ’ল মূল খাদ্য।
হৰিণাৰ মাংসৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ ফ্ৰ’জেন মাংসও পোৱা যায়। ইয়াত ফ্ৰীজৰ প্ৰয়োজন নাই। ইয়াৰ মানুহে আইচক্ৰীম আৰু মাংস-মাছ মুকলি ঠাইত ৰাখে যিবোৰ মাহৰ পিছত মাহ ধৰি ফ্ৰ’জেন দ্ৰব্যৰ দৰে সতেজ হৈ থাকে।
কিন্তু ইয়াৰ মানুহে কেনেকৈ উপাৰ্জন কৰে সেয়াও নিশ্চয় সকলোৰে বাবে এক প্ৰশ্ন ৷ ইয়াত মানুহে বৰফৰ মাছমৰীয়া হিচাপে কাম কৰে। ওচৰতে লেনা নদীত তেওঁলোকে বৰফৰ পৰা মাছ ধৰি ওচৰৰ ইয়াকুটস্ক চহৰত বিক্ৰী কৰে। ইয়াৰ উপৰিও ইয়াৰ মানুহে ঘোঁৰা আৰু হৰিণাৰ মাংস বিক্ৰী কৰিও ধন উপাৰ্জন কৰে আৰু এই চহৰ বাশীৰ প্ৰধান উপাৰ্জন হয় পৰ্যটকৰ পৰা।