VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুকলি আকাশৰ তললৈ আহিব চার্লছ শোভৰাজ , ‘বিকিনি কিলাৰ’ হিচাপে পৰিচিত চার্লছৰ অপৰাধনামাই আপোনাক কৰি তুলিব শিহৰিত ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 23, 2022
in মুখ্য সংবাদ
মুকলি আকাশৰ তললৈ আহিব চার্লছ শোভৰাজ , ‘বিকিনি কিলাৰ’ হিচাপে পৰিচিত চার্লছৰ অপৰাধনামাই আপোনাক কৰি তুলিব শিহৰিত ?
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ আটাইতকৈ দুধর্ষ আৰু ভয়ানক ছিৰিয়েল কিলাৰ সকলৰ  ভিতৰত শীর্ষ স্থান দখল কৰি থকাসকলৰ অন্যতম হৈছে চার্লছ শোভৰাজ ৷ বিকিনি কিলাৰ হিচাপে পৰিচিত চার্লছ শোভৰাজৰ অপৰাধৰ কাহিনীয়ে আজিও শিহৰিত কৰি তুলিব আপোনাক ৷ সেইজন কুখ্যাত অপৰাধীকে নেপালৰ উচ্চতম ন্যায়ালয়ে শাৰীৰিক অসুস্থতা আৰু বাৰ্ধক্যজনিত কাৰণত মুকলি কৰি দিবলৈ বৃহস্পতিবাৰে নির্দেশ দিছে ৷

উল্লেখ্য যে মূলতঃ ফ্ৰান্সৰ নাগৰিক, ভিয়েটনামী আৰু ভাৰতীয় মূলৰ চাৰ্লছে সত্তৰৰ দশকত একাধিক হত্যাকাণ্ড সংঘটিত কৰিছিল ৷ ২০টা শিহৰণকাৰী হত্যাকাণ্ডৰে তেওঁ দখল কৰিছিল শিৰোনাম ৷ এজন ফৰাচী পৰ্যটকক হত্যা কৰি তেওঁ ভাৰতত ২১ বছৰ কাৰাগাৰত কটাবলগীয়া হৈছিল।

অৱশ্যে চার্লছৰ শৈশৱ আছিল অত্যন্ত দুর্যোগেৰে ভৰা ৷ ভাৰতীয় পিতৃ আৰু ভিয়েটনামী মাতৃয়ে কেতিয়াও অনুষ্ঠানিকভাৱে বিয়া পতা  নাছিল। পিতৃয়ে চাৰ্লছৰ পিতৃত্ব মানি ল’ব বিচৰা নাছিল।যাৰ বাবে চাৰ্লছ কাৰ্যতঃ ৰাষ্ট্ৰহীন হৈ পৰিছিল। পিছত মাকৰ দ্বিতীয় স্বামীয়ে শিশু অৱস্থাত চার্লছক আকোৱালি লয়। কিন্তু চাৰ্লছে মাকৰ নতুন পৰিয়াল, আন সন্তানৰ লগত খাপ খাব পৰা নাছিল। ফলত চাৰ্লছ যৌৱন কালত অপৰাধৰ জগতখনত প্ৰৱেশ কৰে ৷

নিজৰ আকর্ষণীয় ব্যক্তিত্ব ব্যৱহাৰ কৰি চাৰ্লছে ইটোৰ পিছত সিটো অপৰাধ সংঘটিত কৰিছিল ৷  ১৯৭৫ চনত পাটায়াত বিকিনি পৰিহিত এগৰাকী আমেৰিকান মহিলাৰ মৃতদেহ উদ্ধাৰ হয় ৷তেতিয়াই  প্ৰথমে চাৰ্লছক হত্যাকাৰী হিচাপে চিনাক্ত কৰা হয় ৷  ডিঙি চেপি বর্বৰ ভাৱে  হত্যা কৰি যুৱতী গৰাকীক চার্লছে জ্বলাই দিছিল । যিসকল পুৰুষক  তেওঁ হত্যা কৰিছিল তেওঁলোকৰ পাছপ’ৰ্টৰ সহায়ত ভুৱা পৰিচয়ৰে বিভিন্ন দেশত প্ৰৱেশ কৰিছিল ৷

১৯৭৬ চনত দিল্লীৰ এখন হোটেলত ফৰাচী পৰ্যটকক বিষাক্ত দ্ৰব্য সেৱন কৰাই হত্যা কৰাৰ অভিযোগত চাৰ্লছক গ্ৰেপ্তাৰ কৰা হৈছিল। ১২ বছৰৰ কাৰাগাৰত থকাৰ পাছত  ১৯৮৬ চনত জেলৰ পৰা পলায়ন কৰে ৷  গোৱাৰ উপকূলত  পুনৰ ধৰা পৰে চার্লছ । তেওঁ ভাৰতত মুঠ ২১ বছৰ কাৰাগাৰত আছিল। ১৯৯৭ চনত মুক্তি লাভ কৰি পেৰিছলৈ উভতি যায় চার্লছ ৷

ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশসমূহতো বিকিনি কিলাৰ নামেৰে জনাজাত চার্লছ শোভৰাজ । যিয়ে ১৯৭০ চনত দক্ষিণ-পূব এছিয়াৰ প্ৰায় প্ৰতিখন দেশলৈ গৈ বিদেশী পৰ্যটকক হত্যা কৰিছিল। নিহতসকলৰ অধিকাংশই ইউৰোপ আৰু আমেৰিকাৰ ৷ লগতে ভাৰত, নেপাল আৰু থাইলেণ্ডৰ যুৱতীকো তেওঁ হত্যা কৰিছিল । কিন্তু এই দুধর্ষ বিকিনি কিলাৰে প্ৰকৃততে কিমান মানুহক হত্যা কৰিলে তাৰ ৰহস্য এতিয়াও পোহৰলৈ অহা নাই ৷  অপৰাধৰ জগতখনত এনে কোনো অপৰাধ নাই য’ত চাৰ্লছ শোভৰাজ জড়িত হোৱা নাছিল ৷ সত্তৰৰ দশকৰ পৰা আশীৰ দশকৰ আৰম্ভণিতে থাইলেণ্ডকে ধৰি বিভিন্ন দেশৰ মহিলা পৰ্যটকক ড্ৰাগছ সেৱন কৰাই হত্যা কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছিল ৷ তেওঁ হত্যাকাণ্ড সংঘটিত কৰা মহিলাসকলৰ অধিকাংশই বিকিনি পৰিধান কৰিছিল বাবেই  বিকিনি কিলাৰ হিচাপে জনা গৈছিল ৷

 

Previous Post

সন্তান সঠিক বয়সত ওখ হোৱা নাই নেকি ? আপুনি প্ৰতিদিনে এই খাদ্যবোৰ খুৱাই আছেনে?

Next Post

ক’ত অৱস্থিত বিশ্বৰ ভিতৰতে আটাইতকৈ ঠাণ্ডা এইখন চহৰ ?

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
ক’ত অৱস্থিত বিশ্বৰ ভিতৰতে আটাইতকৈ ঠাণ্ডা এইখন চহৰ ?

ক'ত অৱস্থিত বিশ্বৰ ভিতৰতে আটাইতকৈ ঠাণ্ডা এইখন চহৰ ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7