সমগ্ৰ বিশ্ববাসীক নিজৰ প্ৰতিপত্তি দেখুৱাবলৈ সমৰ্থ হোৱা এক শক্তিশালী সাম্ৰাজ্য মোগল সাম্ৰাজ্য ৷ ১৫২৬ চনত পানীপথৰ যুদ্ধত ইব্ৰাহিম লোডীক পৰাস্ত কৰি বাবৰে প্ৰতিষ্ঠা কৰিছিল এই সাম্ৰাজ্য ।
১৯৩০ চনত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা সম্ৰাট বাবৰৰ মৃত্যু হয়। কথিত আছে যে তেওঁৰ পুত্ৰ হুমায়ুনক এসময়ত কোনোবাই বিষাক্ত দ্ৰব্য খুৱাইছিল আৰু তেতিয়া বাবৰে সৰ্বশক্তিমানক প্ৰাৰ্থনা কৰি কৈছিল যে পুত্ৰৰ প্ৰাণৰ বিনিময়ত তেওঁ নিজৰ প্ৰাণ দিবলৈ সাজু।ইয়াৰ পিছতে হুমায়ুন সুস্থ হৈ উঠিছিল কিন্তু সম্ৰাট বাবৰ ক্ৰমাৎ অসুস্থ হৈ ২৬ ডিচেম্বৰত তেওঁৰ মৃত্যু ঘটিছিল । প্ৰথম অৱস্থাত বাবৰক আগ্ৰাত সমাধিস্থ কৰা হৈছিল যদিও পিছত তেওঁৰ মৃতদেহ কাবুললৈ লৈ যোৱা হয়।
মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ মৃত্যুৰ পিছত বহুকেইগৰাকী মোগল সম্ৰাটৰ স্বাভাৱিক মৃত্যু হোৱা নাছিল । অদ্ভুত ধৰণেৰে মৃত্যুবৰণ কৰিছিল এই কেইগৰাকী মোগল সম্ৰাটে । অৱশ্যে স্বাভাৱিক মৃত্যু ঘটিছিল সম্ৰাট ঔৰংজেবৰ । কিন্তু তাৰ বিপৰীতে সম্ৰাট হুমায়ুনৰ জখলাৰ পৰা পৰি শিল এটাত খুন্দা মাৰিয়েই মৃত্যু ঘটিছিল ৷
পিতৃ বাবৰৰ পিছত হুমায়ুনে মোগল সাম্ৰাজ্যৰ সিংহাসন দখল কৰে। ইতিহাসবিদসকলৰ মতে ১৫৫৬ চনৰ ২৪ জানুৱাৰীত তেওঁ নিজৰ পুথিভঁৰাল ‘শ্বেৰ মণ্ডল’ৰ চিৰিৰ পৰা হাতত এখন কিতাপ লৈ নামি আহিছিল। একে সময়তে আজান আৰম্ভ হৈছিল। হুমায়ুনৰ নিয়ম আছিল যে তেওঁ য’তেই নাথাকক কিয় আজান পৰিবেশন কৰাৰ সময়ত আঁঠু লৈ বহিছিল তেওঁ। হুমায়ুনেও জখলাত একে কাম কৰিবলৈ চেষ্টা কৰি পিছলি পৰিছিল আৰু এটা শিলত খুন্দা মৰাৰ ফলত আঘাতপ্ৰাপ্ত হৈ তিনিদিন পিছত তেওঁৰ মৃত্যু হয়। সম্ৰাট হুমায়ুনক দিল্লীৰ সমাধিস্থলত সমাধিস্থ কৰা হয়।
আনহাতে হুমায়ুনৰ পুত্ৰ ,সৰ্বকালৰ শ্ৰেষ্ঠ সম্ৰাট মহামতি আকবৰ ৷১৬০৫ চনৰ ৩ অক্টোবৰত মোগল সাম্ৰাজ্যৰ তৃতীয় সম্ৰাট আকবৰ অসুস্থ হৈ পৰে। ইয়াৰ পিছত তেওঁ সুস্থ নহ’ল আৰু ১৬০৫ চনৰ ২৭ অক্টোবৰত তেওঁৰ মৃত্যু হয়। আগ্ৰাৰ চিকন্দৰাৰ সমাধিস্থলত তেওঁক সমাধিস্থ কৰা হয়।
আকবৰৰ পিছত মোগল সাম্ৰাজ্যৰ সিংহাসন দখল হ’ল যদিও জাহাংগীৰ আছিল মদৰ প্ৰতি অতি আসক্ত । ইয়াৰ বাবেই তেওঁক বেমাৰে এনেদৰে আগুৰি ধৰিলে যে ভাল হোৱাৰ কোনো উপায় নাছিল। পিছত জাহাংগীৰে কাশ্মীৰ আৰু কাবুল ভ্ৰমণ কৰে যদিও অত্যন্ত ঠাণ্ডাৰ বাবে তেওঁ লাহোৰলৈ যোৱাৰ সিদ্ধান্ত লয়। ১৬২৭ চনত ভীম্বাৰত বাটতে তেওঁৰ মৃত্যু হয়। লাহোৰৰ উপকণ্ঠ অঞ্চল শ্বাহদাৰাত তেওঁক সমাধিস্থ কৰা হয়।
১৬৫৮ চনত যেতিয়া তাজমহল নিৰ্মাণ কৰি শ্বাহজাহান অসুস্থ হৈ পৰে, তেতিয়া তেওঁৰ পুত্ৰসকলৰ মাজত উত্তৰাধিকাৰৰ বাবে যুদ্ধ আৰম্ভ হয়। এই যুদ্ধত ঔৰংজেবে জয় লাভ কৰে।অৱশ্যে শ্বাহজাহানে এই ৰোগক জয় কৰিছিল যদিও ঔৰংজেবে ক্ষমতা দখল কৰিছিল আৰু সেইবাবেই পিতৃ শ্বাহজাহানক তেওঁ গৃহবন্দী কৰি ৰাখিছিল। কিন্তু দিন-ৰাতি একেৰাহে বিচনাত জিৰণি লোৱাৰ বাবে শ্বাহজাহানৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু ১৬৬৬ চনত তেওঁৰ মৃত্যু হয়।
ঔৰংজেবক মোগল সম্ৰাটৰ আটাইতকৈ শক্তিশালী সম্ৰাট বুলি গণ্য কৰা হয়। অৱশ্যে ঔৰংজেবৰ মৃত্যু স্বাভাৱিক আছিল যদিও মৃত্যুৰ আগতে তেওঁ নিশ্চিত কৰিছিল যে জনসাধাৰণে এই বিষয়ে নাজানে। কাৰণ তেনে কৰিলে তেওঁৰ উত্তৰাধিকাৰক লৈ যুদ্ধ হ’ব পাৰে। ইতিহাসবিদসকলৰ মতে ১৭০৭ চনৰ ৩ মাৰ্চত আহমেদনগৰৰ সমীপত ঔৰংজেবৰ মৃত্যু হয়। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ খুলদাবাদত তেওঁৰ এটা মুকলি কবৰ আছে ।