যোৱা দুটা দশকত তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা মহম্মদ ওমৰ, টেহৰিক-ই-তালিবান পাকিস্তানৰ নেতা বৈতুল্লাহ মেহছুদ, ছিৰিয়াত আল কায়দাৰ মুৰব্বী চেলিম আবু আহমেদ আমেৰিকান প্ৰিডেটৰ ড্ৰ’নৰ বলি হৈছে। বিশ্বৰ অত্যাধুনিক অস্ত্ৰশস্ত্ৰ সমূহৰ ভিতৰত অন্যতমম হৈছে এই ড্ৰ’ণ ৷ এইবাৰ ভাৰতৰ সামৰিক শক্তিতো যোগ হ’ব এই ড্ৰ’ণ ৷
ভাৰতে লাভ কৰিছে এম কিউ ছিৰিজৰ প্ৰিডেটৰ ড্ৰোনৰ শেহতীয়া সংস্কৰণ। ইৰাণৰ জেনেৰেল কাছেম ছলেমানী আৰু আল কায়দাৰ মুৰব্বী আয়মান আল জাৱাহিৰীক হত্যা কৰিবলৈ এই ড্ৰ’ন ব্যৱহাৰ কৰা হৈছিল ৷
আমেৰিকাত নিৰ্মিত এই এমকিউ-৯ ৰিপাৰ ( MQ-9 Reaper) কিলাৰ ড্ৰ’নখন ‘গাৰ্ডিয়ান’ নামেৰে জনাজাত। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ভাৰতে ‘এম কিউ-৯’ ড্ৰ’নৰ দুটা মডেল ক্ৰয় কৰিব। ভাৰতীয় স্থল, নৌসেনা আৰু বায়ুসেনাৰ বাবে এম কিউ-৯ ৰিপাৰৰ ‘ছি গাৰ্ডিয়ান’ আৰু ‘স্কাই গাৰ্ডিয়ান’ সংস্কৰণ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে ৷
আমেৰিকাৰ জেনেৰেল এটমিকছ এৰ’নটিকেল চিষ্টেমছৰ এম কিউ-৯ ৰিপাৰ আক্ৰমণাত্মক ড্ৰ’নে ৫০ হাজাৰ ফুট উচ্চতাৰ পৰা শত্ৰুক আক্ৰমণ কৰিব পাৰে। এই ড্ৰ’নে ২৭ ঘণ্টা ধৰি অবিৰতভাৱে উৰি থকাৰ ক্ষমতা আছে। সৰ্বোচ্চ বহন ক্ষমতা ১,৭৪৬ কিলোগ্ৰাম। অৰ্থাৎ এমকিউ-৯ ৰিপাৰত শত্ৰুৰ ভূখণ্ডৰ গভীৰতালৈ সোমাই আক্ৰমণ কৰাৰ ক্ষমতা আছে।
ৰাডাৰৰ চোৰাংচোৱাগিৰিৰ পৰা হাত সাৰিবলৈ সক্ষম হোৱা এই আক্ৰমণাত্মক ড্ৰ’নে ৯৫০ হৰ্চপাৱাৰৰ ইঞ্জিনৰ সহায়ত ঘণ্টাত সৰ্বোচ্চ ২৩০ কিলোমিটাৰ বেগত উৰণ কৰিবলৈ সক্ষম। যদিহে এই ড্ৰ’নসমূহ হাতলৈ আহে তেন্তে ভৱিষ্যতে বালাকোটৰ শৈলীত ভাৰতীয় সেনাই পাকিস্তান দখলত থকা কাশ্মীৰ বা খাইবাৰ-পাখতুনখোৱাত কোনো বিপদ নোহোৱাকৈ উগ্ৰপন্থী শিবিৰত আক্ৰমণ কৰিবলৈ সক্ষম হ’ব।
আমেৰিকাৰ বাহিৰেও এমকিউ-৯ ৰিপাৰ (MQ-9 Reaper) ইটালী, ফ্ৰান্স, গ্ৰীচ, জাৰ্মানী, বেলজিয়াম আৰু স্পেইনৰ সেনাই ব্যৱহাৰ কৰে। নাটোৰ বাহিৰত এই ড্ৰোন ক্ৰয় কৰা প্ৰথমখন দেশ হ’ব ভাৰত। অৱশ্যে ভাৰতীয় নৌসেনাৰ এমকিউ ছিৰিজৰ ড্ৰ’ন ব্যৱহাৰৰ পূৰ্বৰ অভিজ্ঞতা আছে। ২০১৭ চনত নৌসেনাই আমেৰিকাৰ পৰা দুখন এমকিউ-৯বি ড্ৰ’ন দুবছৰৰ লিজত লৈছিল।
পশ্চিমীয়া সংবাদ মাধ্যমৰ এটা অংশই দাবী কৰিছে যে তামিলনাডুৰ ৰাজালী নৌসেনা ঘাটিত নিয়োজিত ‘ছি গাৰ্ডিয়ান’ সংস্কৰণৰ ড্ৰ’ন দুখন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনা সেনাৰ ‘চলন-ফুৰণ’ নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে।প্ৰসংগক্ৰমে ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ ঠিক পূৰ্বে হোৱাইট হাউছৰ তেতিয়াৰ বাসিন্দা ড’নাল্ড ট্ৰাম্পে ভাৰতক ২২খন এম কিউ ছিৰিজৰ ড্ৰ’ন দিয়াৰ সিদ্ধান্ত লৈছিল।
প্ৰথম অৱস্থাত ২২খন ড্ৰ’নৰ ব্যয় ৩ বিলিয়ন ডলাৰ (প্ৰায় ২৪,৮৩১ কোটি টকা) বুলি অনুমান কৰা হৈছে। পিছত সেনা, নৌসেনা আৰু বায়ুসেনাৰ বাবে মুঠ ৩০খন এমকিউ-৯ ৰিপাৰৰ বাবে ১০খনকৈ ক্ৰয়ৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।‘নিঞ্জা বোমা’ নামেৰে জনাজাত এই ক্ষেপণাস্ত্ৰৰ সহায়ত আমেৰিকাই জৱাহিৰীক হত্যা কৰিছিল। ৫ ফুট দীঘল ৪৫ কিলোগ্ৰাম ওজনৰ মিলিমেট্ৰিক ৱেভ ৰাডাৰেৰে সজ্জিত এই মিছাইলটোৰ চোকা ব্লেডবোৰ তীব্ৰ বেগত ওলাই আহি ‘চিকাৰ’ৰ অংগ বিচ্ছিন্ন কৰি পেলায়।
ইয়াৰ উপৰিও এই ড্ৰ’নৰ অস্ত্ৰভাণ্ডাৰত আছে এআইএম-৯ চাইডৱাইণ্ডাৰ শ্বৰ্ট ৰেঞ্জ ‘এয়াৰ টু এয়াৰ’ মিছাইল আৰু উচ্চ ক্ষমতাসম্পন্ন গাইডেড বোমা জিবিইউ-৩৮।ড্ৰ’ন বিক্ৰী হ’লেও নিৰ্মাণ কোম্পানী ‘জেনেৰেল এটমিকছ এৰ’ন’টিকেল চিষ্টেমছ’ই ভাৰতলৈ এই প্ৰযুক্তি হস্তান্তৰ নকৰে। আনকি, ভাৰতত নিৰ্মাণ কৰা নহ’ব এই ড্ৰ’ণ।
মোডীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ শ্লোগানক সফল কৰাৰ উদ্দেশ্যে কেইমাহমান পূৰ্বে প্ৰতিৰক্ষা ক্ৰয় সমিতিয়ে শ শ বিদেশী অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলি আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। ড্ৰ’নো সেই নিষেধাজ্ঞাৰ তালিকাত আছে। কিন্তু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ‘থলুৱা উৎপাদন’ৰ ওপৰত গুৰুত্ব দিয়াৰ নীতি ভংগ কৰাত এম কিউ-৯ ৰিপাৰ ক্ৰয় কৰা হয় ৷