বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ পৰা ক্ৰমাৎ নিজৰ স্থান হেৰুৱাইছে টেছলাৰ চিইঅ’ তথা টুইটাৰৰ নতুন মালিক ইলন মাস্কে ।এই কাৰণতে শেহতীয়াকৈ মাস্ক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ পৰিৱৰ্তে দ্বিতীয় ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংক অনুসৰি ২০২২ চনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে ইলন মাস্কৰ সম্পত্তি প্ৰায় আধালৈ হ্ৰাস পাই ১৩৯ বিলিয়ন ডলাৰ হৈছেগৈ আৰু এই বছৰ তেওঁৰ মুঠ ১৩২ বিলিয়ন ডলাৰ লোকচানৰ সন্মূখীন হৈছে।
একে সময়তে বিশ্বৰ দ্বিতীয় ধনী ব্যক্তিৰ স্থানৰ বাবে হয়তো ইলন মাস্ক আৰু ভাৰতৰ ধনী ব্যৱসায়ী গৌতম আদানীৰ মাজত প্ৰতিযোগিতা আৰম্ভ হ’ব পাৰে। বিলাসী সামগ্ৰী নিৰ্মাতা কোম্পানী এল. এম. ভি. এইচৰ স্বত্বাধিকাৰী বাৰ্নাৰ্ড আৰ্নল্ট ব্লুমবাৰ্গ বিলিয়নাৰ সূচকাংকত ১৫৯ বিলিয়ন ডলাৰৰ সম্পত্তিৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হৈ আছে। ইয়াৰ পিছতেই আছে টেছলাৰ চিইঅ’ ইলন মাস্কৰ নাম যাৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ ১৩৯ বিলিয়ন ডলাৰ। এই সময়ছোৱাত গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ ১১০ বিলিয়ন ডলাৰ।
কিছুদিনৰ আগলৈকে আদানি আৰু মাস্কৰ মাজত ৬০ বিলিয়ন ডলাৰতকৈও অধিক সম্পত্তিৰ এক পাৰ্থক্য আছিল । কিন্তু এতিয়া এই পাৰ্থক্য ২৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। ইলন মাস্কৰ সম্পদৰ এটা ডাঙৰ অংশ তেওঁৰ কোম্পানী টেছলাৰ শ্বেয়াৰৰ পৰাই আহে। কিন্তু চলিত বছৰৰ আৰম্ভণিৰ পৰাই টেছলাৰ শ্বেয়াৰ প্ৰায় ৭০ শতাংশ হ্ৰাস পাইছে। একে সময়তে কেইমাহমানৰ আগতে মাস্কে ছ’চিয়েল মিডিয়া কোম্পানী টুইটাৰ ৪৪ বিলিয়ন ডলাৰত ক্ৰয় কৰে, যাৰ বাবে মাস্কে টেছলাৰ বৃহৎ সংখ্যক শ্বেয়াৰ বিক্ৰী কৰে আৰু তাৰ পিছত টেছলাৰ ষ্টকৰ ওপৰত অহৰহ হেঁচা চলি আহিছে। টুইটাৰ চুক্তিৰ বাবে মাস্কেও বহু বেংকৰ পৰা ঋণ লৈছে।
উল্লেখনীয় যে ৮৫.৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে ধনী ব্যক্তিৰ তালিকাৰ নৱম স্থানত আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী। জানিব পৰা মতে এই বছৰ তেওঁৰ সম্পত্তি ৪.৫৫ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।