কাইলৈ সমগ্ৰ বিশ্বই উদযাপন কৰিব বৰদিন ৷ এই উৎসৱ উদযাপনৰ হেঁপাহত ব্যাকুল সমগ্ৰ বিশ্ববাসী ৷ এই উৎসৱ সমূহেই এক উৎস যি জাতি ধৰ্ম নিৰ্বিশেষে মানুহক এক হৈ থকাৰ পথ দেখুৱাই ৷ খ্ৰীষ্ট ধৰ্মৰ প্ৰৱৰ্তক যীশুৰ জন্মদিন উদযাপন কৰিবৰ বাবে কেৱল খ্ৰীষ্টান সকলেই নহয় অধীৰ আগ্ৰহেৰে বাট চাই থাকে পৃথিৱীৰ সকলো শিশুৱে ৷ তাতে যদি উপহাৰৰ কথা আহে তেতিয়াটো সেই উৎসাহ আৰু দুগুণে চৰে ৷
সঁচাকৈয়ে উপহাৰ বুলি ক’লে হয়তো আমাৰ সকলোৰেই বৰ হেঁপাহ ৷ কাৰণ কোনোবাই মৰমত দিয়া এটা সৰু বস্তুৱেও মানুহক অপৰিসীম আনন্দ দিব পাৰে ৷ শিশুসকলৰ কথাটো ক’বই নালাগে ৷ সাধাৰণ বস্তু এটা উপহাৰ দিলেও শিশুসকলৰ উপহাৰ গ্ৰহণ কৰাৰ আনন্দই হয়তো বহু সময়ত মানুহক এক অনাবিল সুখ প্ৰদান কৰে ৷
বৰদিনৰ দিনটোত চাণ্টাক্লজৰ সেই বিশেষ উপহাৰৰ বাবে ৰৈ থাকে বহু শিশু ৷ আপুনিও হয়তো আপোনাৰ সন্তানৰ সেই আনন্দৰ অংশ হৈ সুখী অনুভৱ কৰে ৷
যদি আপুনি আপোনাৰ সন্তানৰ বাবে মনে ,নে সেই চান্টা উপহাৰ বিচাৰিছে, তেন্তে আপুনি নিশ্চয় তেনে উপহাৰ দিব পাৰে যিবোৰ তেওঁলোকৰ বাবেও উপকাৰী ৷
আপুনি সন্তানক উপহাৰ দিব পাৰে যিকোনো বাদ্যযন্ত্ৰ যি হ’ব শিশুটিৰ বাবে এক আচৰিত উপহাৰ।আনহাতে যদি আপোনাৰ সন্তানে ক্ৰিকেট, ফুটবল, বেডমিণ্টন আদি খেল ভাল পায় তেন্তে আপুনি নিশ্চয় তেনে খেলা সামগ্ৰীও উপহাৰ দিব পাৰে সন্তানক । সাধু নাইবা গল্পৰ কিতাপো আপোনাৰ শিশুটিৰ বাবে হ’ব পাৰে খ্ৰীষ্টমাছৰ এক শ্ৰেষ্ঠ উপহাৰ যি তেওঁলোকৰ পঢ়াৰ দক্ষতাও বৃদ্ধি কৰিব।আনহাতে পইচা থোৱা বেংক এটা উপহাৰ দি আপোনাৰ শিশুক ধন সঞ্চয় কৰিবলৈকো শিকাব পাৰে আপুনি৷
প্ৰকৃতাৰ্থত শিশুসকলক এনে উপহাৰ দিয়াহে উচিত যি শিশুসকলৰ মানসিক আৰু শাৰিৰীক উৎকৰ্ষ সাধন কৰাতো সহায়ক হয় আৰু যি উপহাৰ ক্ৰয় কৰিলে আপোনাৰো নহয় ধনৰ অপচয় ৷
নে কি ভাৱে বাৰু আপুনি ?