মোৰ সম্পৰ্কীয় দুগৰাকী আইতা “কথা পাহৰি যোৱা” ৰোগত ভূগিছিল।
দুয়োগৰাকীয়ে বেমাৰটো হোৱাৰ আগলৈকে অতি অতিথি পৰায়ণ আছিল, অতি মৰমীয়ালআছিল। অনবৰতে ঘৰৰ কাম-বন আৰু পাকঘৰতে ব্যস্ত থাকিছিল। ল’ৰা-ছোৱালী, পতি অথবা ওচৰ চুবুৰীয়াৰ আলপৈচান ধৰাত কোনো ত্ৰুতি কৰা নাছিল। মুখত অনবৰতে হাহিঁ এটা লৈ ওৰণি টানি টানি দিনৰ দিনটো আগফাল পিছফাল কৰি ফুৰিছিল। মাজে মাজে দূৰণিৰ পৰা ভতিজাক, ভায়েক আদি কোনোবা আহি খা- খবৰ লৈ যোৱাহি দেখিছিলো। অৱশ্যে তেওঁলোকৰ লগত এবেলা বহি লৈ কথা পতাৰ সময় হোৱা কোনোদিন দেখা নাছিলো। বৰঞ্চ তেওঁলোকৰ বাবে ভাত ৰন্ধা, চাহ বনোৱাতে ব্যস্ত আছিল।
বয়স হৈ অহাৰ লগে লগে তেওঁলোকৰ মাজত হঠাতে কিছুমান পৰিৱৰ্তন দেখিবলৈ পোৱা গ’ল। নিজ সন্তানৰ নাম, সদায় আপদাল কৰা ছাগলীজনী, পতি, ওচৰ চুবুৰীয়া কাকো চিনি নোপোৱা হ’ল। মানুহবোৰে উপলুঙা কৰিবলৈ ধৰিলে। মানুহবোৰে পাহৰি যোৱা মানুহৰ নামবোৰ চিঞৰি চিঞৰি শুনাই থাকে “অমুক আকৌ, তমুক আকৌ” বুলি। তেওঁলোকে শুনে আৰু আকৌ পাহৰি যায়।এটা কথা কিন্তু দুয়োগৰাকী আইতাৰ ক্ষেত্ৰতে একেই ঘটিছিল। তেওঁলোকে যাকেই লগ পায় নিজৰ সৰুকালৰ কথা ক’বলৈ আৰম্ভ কৰে। মাকৰ ঘৰৰ ওচৰৰ নদীখন, গাৱঁৰ নামঘৰটো, গাৱঁত ভাওনা চোৱা ইত্যাদি ইত্যাদি বহু কথা সলসলীয়াকৈ এটাও কথা নাপাহৰাকৈ তেওঁলোকে কৈ যাব পাৰিছিল। সৰুতে লগৰীয়াৰ লগত মাছ ধৰা কাহিনীবোৰ খুব সুন্দৰকৈ বৰ্ণনা কৰি যাব পাৰে। বিহুৰ দিনবোৰত ঢেঁকীৰ শালত লগৰীয়াৰ লগত পতা ফুচুৰি কথাবোৰ কওঁতে হাঁহি হাহিঁ বাগৰি যায়। কিন্তু বৰ্তমানৰ কোনো অস্তিত্বই তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে।
বিয়াৰ পাছত নিজৰ এৰি অহা গাওঁখনৰ বিষয়ে কোনোদিনে কোনেও হয়তো তেওঁলোকক সুধাৰ প্ৰয়োজনবোধ কৰা নাছিল। তেওঁলোকে ক’লেও কোনোৱে হয়তো শুনাৰ আগ্ৰহ প্ৰকাশ কৰা নাছিল। মনৰ মাজত কথাবোৰ সামৰোতে সামৰোতে এদিন ছাগে কথাবোৰে বুকুৰ কোণত গৈ গোট মাৰি ৰৈছিল! মাকৰ ঘৰলৈ যোৱাৰ বাটবোৰো সহজ নাছিল। সময়ো নাপাইছিল। বিয়া সবাহৰ অজুহাতত কেতিয়াবা কাচিৎ যাব পাৰিছিল। কিন্তু মনৰ একোণত ৰৈ ৰৈ বাজি থকা কথাবোৰ বৃদ্ধাৱস্থাত অনৰ্গল কৈ থাকিছিল। অথচ বৰ্তমানৰ সকলো কথা পাহৰি গৈছিল।
সকলো বিবাহিত মহিলাইয়ে এখন ঘৰ এৰি থৈ আহে। ভগাই হওক চিগাই হওক নিজৰ এৰি অহা ঘৰখন আৰু শৈশৱৰ সময় খিনিৰ গুৰুত্ব সীমাহীন। এই সময়খিনিৰ বিষয়ে কোনোবাই আন্তৰিকতাৰে সুধিলে যিকোনো ভাৱনাপ্ৰৱণ নাৰীৰ অন্তৰখনে হাহিঁ উঠে। নতুন ঘৰখনৰ সদস্যসকলৰ বিয়া হৈ অহা বোৱাৰী গৰাকীৰ শৈশৱ আৰু কৈশোৰৰ সময়খিনিৰ প্ৰতি দেখুওৱা অলপমান উৎসুকতাই মানুহগৰাকীৰ আপোন হৈ উঠিব পাৰে আৰু তেওঁকো আপোন কৰি ল’ব পাৰে।
ঘৰখন এখনলৈ আদৰি অনা বোৱাৰীজনীয়ে কি খায় ভাল পায় অথবা কোনটো প্ৰিয় গানৰ কলিয়ে তেওঁক কন্দুৱাব পাৰে এই কথা জনাৰ আগ্ৰহ কেইটা পৰিয়ালৰ আছে সেয়া সন্দেহৰ আৱৰ্তত! বোৱাৰীৰ সৰুকালৰ দুষ্টামিক লৈ হাঁহিত উত্তাল হোৱা পতিৰ ঘৰৰ ভাতৰ মজিয়াখনে বোৱাৰীজনীক পৰিয়ালৰ আপোন কৰাত সহায় কৰে।
প্ৰতিজন মানুহৰ জীৱনত ল’ৰালিকালৰ গুৰুত্ব অপৰিসীম। সেই কালত কটোৱা সময়ৰ প্ৰতিটো বাস্তৱ এৰি থৈ আহে এগৰাকী বিবাহিত নাৰীয়ে। যদিওবা মনৰ পৰা সেই স্মৃতি নিজেও মচিব নোৱাৰে । আনকি “পাহৰি যোৱা” কোনোবা অচিন ব্যাধিয়েও।
নাৰীৰ বাবে মাকৰ ঘৰখন তেওঁৰ আন এক স্বাভিমান। তেওঁৰ স্বাভিমানক সন্মান জনোৱাতো সকলোৰে নৈতিক দায়িত্ব।