এটা চৰাই যি আলাস্কাৰ পৰা অষ্ট্ৰেলিয়ালৈ উৰা মাৰি অবিৰতভাৱে প্ৰায় ১৩,৫৭৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ।কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা চৰাইটোক অনুসৰণ কৰি সংগ্ৰহ কৰা হ’ল এই
২৪ অক্টোবৰত জুভেনাইল বাৰ-টেইলড গডউইটটোৱে আলাস্কাৰ পৰা ক্ৰছ হেমিস্ফিয়াৰ ওপৰেৰে উৰা মাৰি ১১ দিনৰ পিছত অষ্ট্ৰেলিয়াৰ এখন দ্বীপ ৰাজ্য তাছমেনিয়াত অৱতৰণ কৰে ৷যাৰ বাবে চৰাইটোৱে আটাইতকৈ দীঘলীয়া বিৰত প্ৰব্ৰজনৰ খিতাপ অৰ্জন কৰিছে ৷
বাৰ্ডলাইফ তাছমেনিয়াৰ এৰিক ৱ’লাৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক জনোৱা অনুসৰি এই সাগৰীয় চৰাইটোৱে তললৈ নামি অহাৰ সময়লৈকে দিন আৰু ৰাতি অবিৰতভাৱে উৰি শৰীৰৰ ওজনৰ আধা বা তাতকৈও অধিক হ্ৰাস কৰিছে ৷ ইয়াৰ পূৰ্বে ২০২০ চনত একে প্ৰজাতিৰ এটি চৰায়ে এই অভিলেখ গঢ়িছিল।
উল্লেখযোগ্য যে এই পক্ষীটিৰ অভিলেখকাৰী উৰণৰ দূৰত্ব নিউয়ৰ্কৰ পৰা লণ্ডনলৈ প্ৰায় ডেৰ-দুবছৰ ভ্ৰমণৰ সমতুল্য বা পৃথিৱীৰ পৰিধিৰ প্ৰায় এক তৃতীয়াংশ।দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰা এই চৰাইবোৰে এবাৰো নোৰোৱাকৈয়ে শীতকালীন গন্তব্যস্থানলৈ উৰি যায়।আন পৰিভ্ৰমী চৰাইবোৰে উৰণৰ সময়ত পানীত নামিব পাৰে যদিও বিশেষজ্ঞসকলৰ মতে গডউইটে মাছ ধৰিব নোৱাৰে বা মাজৰ সময়ছোৱাত জিৰণি ল’ব নোৱাৰে কাৰণ জিৰণি লোৱা মানেই হয়তো পক্ষীটোৰ মৃত্যু অনিবাৰ্য্য।