ইটালীৰ চলচ্চিত্ৰ অভিনেত্ৰী তথা একালৰ হলিউডৰ প্ৰসিদ্ধ অভিনেত্ৰী জিনা ল’ব্ৰিজিডাৰ সোমবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইটালীৰ চিনেমাত তেওঁৰ আত্মপ্ৰকাশৰ পাছত এক নতুন যুগৰ আৰম্ভণি হয়। জিনা অতি সোনকালেই ‘আৱেদনময়ী’ হিচাপে পৰিচিত হৈ পৰে ৷ ১৯৫০ আৰু ৬০ৰ দশকৰ মনোৰঞ্জন আলোচনীসমূহে তেওঁক প্ৰায়ে ‘পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলা’ বুলি উল্লেখ কৰিছিল।
ইটালীৰ কৃষি মন্ত্ৰী ফ্ৰান্সেস্কো ল’ল’ব্ৰিজিডাই প্ৰথমে সোমবাৰে টুইটাৰৰ জৰিয়তে জিনাৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰে। ফ্ৰান্সেস্কো জিনাৰ আজোনাতি । পিছত সেই দেশৰ সংস্কৃতি মন্ত্ৰী জেনাৰো ছাংগিউলিয়ানোৱে নিজৰ ছ’চিয়েল মিডিয়া পেজত জিনাৰ মৃত্যুত শোক প্ৰকাশ কৰে। ৰোমৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
জিনাই ইউৰোপৰ ২৪খনতকৈও অধিক ছবিত অভিনয় কৰিছে। তেওঁৰ প্ৰথম ইংৰাজী ছবি আছিল ১৯৫৩ চনত জন হাষ্টনে পৰিচালনা কৰা ‘বিট দ্য ডেভিল’। তাত তেওঁ হামফ্ৰে বগাৰ্টৰ বিপৰীতে অভিনয় কৰিছিল। জিনাই ফ্ৰেংক চিনাট্ৰা বা এণ্টনি কুইনৰ দৰে কিংবদন্তিৰ সৈতেও অনুষ্ঠান পৰিৱেশন কৰিছিল। ১৯৬১ চনত ‘কম ছেপ্টেম্বৰ’ নামৰ ৰোমান্টিক কমেডী ছবিখনত ৰক হাডছনৰ বিপৰীতে কৰা অভিনয়ে সমগ্ৰ বিশ্বৰ হৃদয় জয় কৰিছিল বুলি কোৱা হয়। একে সময়তে জিনা আছিল এগৰাকী নিপুণ নৃত্যশিল্পী।
চিনেমাৰ জগতখনৰ পৰা আঁতৰি যোৱাৰ পিছত জিনাই ফটোগ্ৰাফীৰ জগতখনত ভৰি দিলে। এটা সময়ত তেওঁ ফটোগ্ৰাফাৰ হিচাপে যথেষ্ট সুনাম লাভ কৰিছিল। ১৯৭৩ চনত তেওঁৰ প্ৰথম ফটোগ্ৰাফী গ্ৰন্থ প্ৰকাশ পাইছিল। ইয়াৰ নাম ‘ইটালিয়া মিয়া’। সেই কিতাপখনত জিনাই মূলতঃ ইটালীৰ ৰাজহুৱা জীৱনৰ সবিশেষ ক’লা-বগা ফটোৰে ধৰি ৰাখিছিল। এটা সময়ত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনতো প্ৰৱেশ কৰিছিল। ১৯৬১ চনত তেওঁ গোল্ডেন গ্ল’ব বঁটা লাভ কৰে। ১৯৯৩ চনত তেওঁক ফ্ৰান্স চৰকাৰৰ সৰ্বোচ্চ সন্মান লিজিয়ন ডি নিউৰ সন্মানেৰে সন্মানিত কৰা হয়।