চলচিত্ৰ প্ৰেমিসকলৰ বাবে বহু প্ৰত্যাশিত ছবি হৈ পৰিছে অক্ষয় কুমাৰ আৰু ইমৰাণ হাছমী অভিনীত ছবি ‘চেলফি’ । কালি অৰ্থাৎ দেওবাৰে সংবাদ মাধ্যম আৰু অনুৰাগীৰ উপস্থিতিত মুক্তিলাভ কৰে ছবিখনৰ ট্ৰেইলাৰে । ৰাজ মেহতাই পৰিচালনা কৰা ছবিখনত ছুপাৰষ্টাৰৰ চৰিত্ৰত অভিনয় কৰি অক্ষয় কুমাৰে ছবিখন নিজৰ সকলো অনুৰাগীৰ বাবে উৎসৰ্গা কৰিছে।
অভিনেতা গৰাকীয়ে এই ‘চেল্ফি’ ছবিখন বিশ্বৰ সকলো চেলিব্ৰিটিৰ অনুৰাগীসকললৈ উৎসৰ্গা কৰি কয় যে যদি অনুৰাগীয়েই নাই তেন্তে তেওঁলোকৰো কোনো অস্তিত্ব নাই (ফেন্স নাহি তোহ হুমাৰী কই আউকাত নাহি হায়)।
লগতে তেওঁ কয় যে তেওঁৰ এই উদ্যোগটোত ৩২ বছৰ হ’ল৷ কিন্তু তেওঁ এতিয়াও দিল্লীৰ চান্দনী চকৰ ল’ৰা। তাৰকাসকলো দেশৰ আন সাধাৰণ মানুহ আৰু তেওঁলোকৰ অনুৰাগীসকলৰ দৰেই মানুহ। সেয়েহে পৃথিৱীৰ সকলো চেলিব্ৰিটিৰ সকলো অনুৰাগীৰ বাবে এই ছবিখন উৎসৰ্গা কৰা হৈছে। তেওঁলোকৰ অনুৰাগীৰ বাবেই তেওঁলোক জীয়াই আছে অন্যথা তেওঁলোকৰ কোনো অস্তিত্বই নাই ।
ইয়াৰ উপৰিও ৫৫ বছৰীয়া অভিনেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলীয় কৰ্মীসকলক ছবিৰ ওপৰত কোনো মন্তব্য নকৰিবলৈ কোৱাৰ কথাও কয়। তেওঁ দৃঢ়তাৰে কয় যে ইতিবাচকতা সদায় আদৰণীয়। বিশেষকৈ যদি আমাৰ প্ৰধানমন্ত্ৰীয়ে এনেকুৱা কিবা কৈছে। কাৰণ তেওঁ ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি। যদি তেওঁ কিবা এটা কৈছে আৰু কথাবোৰ সলনি হয় তেন্তে ই উদ্যোগটোৰ বাবে বৰ ভাল হ’ব৷
ছবিখনত অক্ষয় কুমাৰ আৰু ইমৰাণ হাছমীৰ উপৰিও নুশ্ৰত ভাৰুচ্চা আৰু ডায়েনা পেণ্টীয়েও অভিনয় কৰিছে। হিৰু যশ জোহৰ, অৰুণা ভাটিয়া, সুপ্ৰিয়া মেনন, কৰণ জোহৰ, পৃথ্বীৰাজ সুকুমাৰণ, অপূৰ্ব মেহতা আৰু লিষ্টিন ষ্টিফেনৰ দ্বাৰা নিৰ্মিত এই ‘চেলফী’ ছবিখনে ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব ৷