সমগ্ৰ দেশৰ ভিতৰতে এক জনপ্ৰিয় ফুড ডেলিভাৰী প্ৰতিষ্ঠান জমেট’ ৷ যি কিছুদিন আগতে তেওঁলোকৰ প্ৰায় ৪% কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰিছিল ৷ অৱশ্যে এতিয়া পুনৰ ৮০০টা পদত কৰ্মচাৰী নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আগশাৰীৰ প্ৰতিষ্ঠানটোৱে ৷
জমেট’ৰ সহযোগী প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দ্বিপিন্দৰ গোৱেলে এই কথা প্ৰকাশ কৰি কয় যে পূৰ্বতে প্ৰতিষ্ঠানটোৰ পৰা কৰ্তন যোৱা কৰ্মচাৰী সকলেও পুনৰ এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব ৷ সামাজিক মাধ্যম যোগে সকলোকে নমস্কাৰ জনাই তেওঁ কয় যে জমেট’ৰ পাঁচটা শাখাত প্ৰায় ৮০০টা পদ খালী হৈ আছে ৷ সেয়েহে তেওঁ সকলোৰে সহযোগিতা কামনা কৰি কয় যে কোনোবাই যদি কোনো অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ বিষয়ে জানে তেন্তে যেন প্ৰাৰ্থী গৰাকীক যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ৷ তেওঁ জানিবলৈ দিয়া মতে এই শাখা সমূহৰ ভিতৰত গ্ৰ’থ মেনেজাৰ,প্ৰডাক্ট অনাৰ,চিফ অব্ ষ্টাফ,টু চি ই অ’,জেনেৰেলাইজ্ড আৰু ছফটৱেৰ ডেভেলপমেণ্ট ইঞ্জিনিয়াৰ,আদি অন্তৰ্ভূক্ত ৷