বিচিত্ৰ এই পৃথিৱী য’ত আছে বিচিত্ৰ প্ৰাণী কিম্বা উদ্ভিদ ৷ তাৰেই এক উদাহৰণ পোলেণ্ডৰ এইখন বাগিচা ৷ পোলেণ্ডৰ পশ্চিম প’মেৰনিয়াত অৱস্থিত পাইন গছৰ এই সৰু বাগিচাখন, যি বৰ্তমান সময়ত সমগ্ৰ বিশ্ব বিখ্যাত ৷ অৱশ্যে তাৰো আছে এক বিশেষ কাৰণ ৷ বাগিচাখনত থকা প্ৰায় ৪০০জোপা পাইন গছৰ সকলোবোৰৰ গুৰি আৰ্থাৎ তলৰ অংশছোৱা বেঁকা !অৰ্থাঃ সাধাৰণ গছৰ দৰে উলম্ব হোৱাৰ বিপৰীতে ইয়াৰ ৪০০জোপা পাইন গছৰেই গা-গছৰ তলছোৱা প্ৰথম অৱস্থাত বেঁকা আৰু তাৰ পিছতহে ক্ৰমাৎ উলম্ব ৷
জানিব পৰা মতে ১৯৩০ চনৰ আশে-পাশে জাৰ্মানীত এই গছবোৰ ৰোপণ কৰা হৈছিল।এই গছবোৰে অলপ ডাঙৰ হোৱাৰ পিছতেই ই ৯০ ডিগ্ৰী কোণত বক্ৰ হৈ পৰে আৰু তাৰ পিছত পুনৰ উলম্ব হৈ বৃদ্ধি পাবলৈ ধৰে ।
গছবোৰ কেনেকৈ বা কিয় বেঁকা সেই বিষয়ে কোনো নিশ্চিত নহয় যদিও বেছিভাগেই বিশ্বাস কৰে যে ই এক ইচ্ছাকৃত, যান্ত্ৰিক প্ৰক্ৰিয়া। আচবাব বা অন্যান্য প্ৰয়োগৰ বাবে গছবোৰক হেঁচা মাৰি ধৰি বেঁকা অংশৰ সৃষ্টি কৰিব পাৰি । আন কিছুমানৰ মতে তীব্ৰ বৰফ পৰিলে এনে কৌতুহলী পৰিঘটনাৰ সৃষ্টি হ’ব পাৰে ৷