সমগ্ৰ বিশ্বতে সংগ্ৰহালয়, ঐতিহ্য আৰু সংৰক্ষনৰ ক্ষেত্ৰখনৰ প্ৰতি ব্যাপক সচেতনতা আৰু গুৰুত্ব বৃদ্ধিৰ সময়তে, এই ক্ষেত্ৰত নীৰৱে কাম কৰি থকা এজন অসম সন্তানে অসমবাসীৰ বাবে এটা সুখবৰ কঢ়িয়াই আনিছে।
বৰ্তমান সময়ত সংগ্ৰহালয় সমূহে নিজৰ কলাকৃতি সমূহৰ নৱ বিশ্লেষণ আৰু প্ৰদৰ্শনৰ দিশত বিশেষ গুৰুত্ব দিছে। ভৱিষ্যতে সংগ্ৰহালয় সমূহে কেনেধৰণৰে দৰ্শকৰ লগত সমন্বয় স্হাপন কৰিব আদি দিশ সমূহক লৈও চিন্তা চৰ্চা কৰা হৈছে।
বিশ্বৰ প্ৰখ্যাত সংগ্ৰহালয় ব্ৰিটিছ মিউজিয়ামে ইতিমধ্যে এই দিশত এক বাটকটীয়াৰ ভূমিকা পালন কৰিছে আৰু ভৱিষ্যতমুখী কিছু কাৰ্যসূচী গ্ৰহণ কৰিছে। ‘ৰিইমেজিনিং দ্য ব্ৰিটিছ মিউজিয়াম’ (আৰ বি এম) অৰ্থাৎ ‘ ‘ব্ৰিটিছ সংগ্ৰহালয়ৰ পুনৰ গঠন’ শীৰ্ষক এক প্ৰকল্পৰ জৰিয়তে সংগ্ৰহালয়টোৰ সৰ্বাত্মক উন্নতিৰ বাবে অনাগত ৪০ বছৰত এই সংগ্ৰহালয়ে পৰ্যায়ক্ৰমে গ্ৰহণ কৰিব লগা বিভিন্ন দিশৰ কাৰ্যসূচীৰ সন্দৰ্ভত আচঁনি গ্ৰহন কৰিছে।
এই আঁচনিৰ অংশ স্বৰূপে ব্ৰিটিচ মিউজিয়ামে বিশ্বৰ উদ্যমী সংগ্ৰহালয় বিশেষজ্ঞৰ এটা আন্তঃৰাষ্ট্ৰীয় কৰ্মগোট গঠন কৰিছে। এই কৰ্মগোটে সংগ্ৰহালয়টোৰ পুনৰ গঠনৰ বিভিন্ন দিশত অহা দুবছৰ ধৰি পৰামৰ্শ আগবঢ়াব। এই কৰ্মগোটৰ দ্বাৰা আগবঢ়োৱা পৰামৰ্শ আৰু আঁচনিৰ প্ৰতিবেদনৰ ভিত্তিতে ব্ৰিটিছ সংগ্ৰহালয়ৰ ভৱিষ্যত কৰ্মসূচী নিৰ্ণয় কৰা হ’ব।
এই সন্মানীয় আন্তৰাষ্ট্ৰীয় কৰ্মগোটৰ সন্মানীয় সদস্য হিচাপে ব্ৰিটিচ মিউজিয়ামে ভাৰতৰ পৰা নিমন্ত্ৰণ কৰা একমাত্ৰ সংগ্ৰহালয় বিশেষজ্ঞ হৈছে , দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ কলা আৰু সংগ্ৰহালয় বিভাগৰ উপ সঞ্চালক পঙ্কজ প্ৰতিম বৰদলৈ। অসমৰ যোৰহাটৰ সন্তান শ্ৰী বৰদলৈয়ে ইতিমধ্যে দেশৰ কলা আৰু সংগ্ৰহালয় ক্ষেত্ৰত নিজৰ এক চিনাকী সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেওঁৰ গৱেষণা প্ৰবন্ধ বহুবোৰ আগশাৰীৰ গৱেষণা পত্ৰিকাত প্ৰকাশ পাইছে। শ্ৰী বৰদলৈ অসমৰ কেইবাখনো দৈনিক কাকত আৰু আলোচনীৰ নিয়মীয়া লেখক। নন ফিকশ্যনৰ লগতে বৰদলৈৰ গল্প আৰু কবিতাটো সমানে দখল আছে। সুলেখক শ্ৰী বৰদলৈৰ প্ৰৱন্ধ সংকলন ” অনুপ্ৰেক্ষণ’ এই বছৰ পঢ়ুৱৈৰ দ্বাৰা বহুল সমাদৃত গ্ৰন্থ। ইয়াৰ পূৰ্বেও শ্ৰী বৰদলৈ বিশ্বৰ কেইবাটাও আগশাৰীৰ সংগ্ৰহালয়ৰ লগত বিভিন্ন প্ৰকল্প, কৰ্মশালা আদিৰ বাবে জড়িত হৈছিল। শ্ৰী বৰদলৈয়ে ইতিমধ্যে ব্ৰিটিচ মিউজিয়ামে আয়োজন কৰা এক সপ্তাহজোৰা চিন্তন কৰ্মশালাত ভাগ ল’বৰ বাবে লণ্ডনলৈ ৰাওনা হৈছে।