ঘোষণা কৰা হ’ল বিশ্বৰ সংগীত জগতৰ আটাইতকৈ সন্মানীয় গ্ৰেমী বটাঁ ৷ পপ তাৰকা বিয়ন্সে ৬৫ সংখ্যক বাৰ্ষিক গ্ৰেমী বঁটাত সৰ্বাধিক গ্ৰেমী বঁটাৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰে। এইবাৰ বিয়ন্সে ৩২ সংখ্যক গ্ৰেমী বঁটা লাভ কৰে। ৰেনেছাঁৰ বাবে শ্ৰেষ্ঠ নৃত্য/ইলেক্ট্ৰনিক সংগীত এলবামৰ সন্মান লাভ কৰে। লগতে, তেওঁ কাফ ইটৰ বাবে শ্ৰেষ্ঠ আৰ এণ্ড বি গীত, ব্ৰেক মাই ছ’লৰ বাবে শ্ৰেষ্ঠ নৃত্য/ইলেক্ট্ৰনিক ৰেকৰ্ডিং আৰু প্লাষ্টিক অফ দ্য চোফাৰ বাবে শ্ৰেষ্ঠ পৰম্পৰাগত আৰ এণ্ড বি প্ৰদৰ্শনৰ তিনিটা বঁটা লাভ কৰে। এডেলে ইজি অন মিৰ বাবে শ্ৰেষ্ঠ পপ একক অভিনয়ৰ সন্মান লাভ কৰাৰ বিপৰীতে লিজোৱে এবাউট ডেমন টাইমৰ বাবে ৰেকৰ্ড অৱ দ্য ইয়েৰৰ সন্মান লাভ কৰে। শ্ৰেষ্ঠ নতুন শিল্পীৰ সন্মান সমৰা জয়ে লাভ কৰে ।
কিম পেট্ৰাছে গ্ৰেমী বঁটা লাভ কৰা প্ৰথমগৰাকী ট্ৰেন্স মহিলা হিচাপে ইতিহাস ৰচনা কৰে ৷ তেওঁ আৰু ছেম স্মিথে আনহলি গীতটোৰ বাবে শ্ৰেষ্ঠ পপ ডুঅ’ পাৰফৰমেন্স বটাঁ লাভ কৰে।
ভাৰতীয় সুৰকাৰ ৰিকি কেজে ৰক কিংবদন্তি ষ্টুৱেৰ্ট ক’পলেণ্ডৰ সৈতে ডিভাইন টাইডছ এলবামৰ বাবে তৃতীয়টো গ্ৰেমী লাভ কৰে।
ৰেকর্ড অৱ দ্যা ইয়েৰঃ এবাউত দেম টাইম – লিজ্জো
বর্ষশ্ৰেষ্ঠ এলবাম: হেৰীছ হাউছ-হেৰীছ ষ্টাইল
বর্ষশ্ৰেষ্ঠ গীত: জাষ্ট লাইক ডেট
শ্ৰেষ্ঠ নতুন শিল্পী: সমৰা জয়
শ্রেষ্ঠ পপ একক অভিনয়:ইজি অন মি-এডেল
শ্ৰেষ্ঠ পপ যুটি/গ্ৰুপ অভিনয়:আনহলী – ছেম স্মিথ আৰু কিম পেট্ৰাছ
শ্ৰেষ্ঠ পৰম্পৰাগত পপ কণ্ঠ এলবাম: হায়াৰ – মাইকেল বাবল
শ্ৰেষ্ঠ নৃত্য/ইলেক্ট্ৰনিক ৰেকৰ্ডিং: ব্ৰেক মাই ছ’ল – বিয়ন্সে
শ্ৰেষ্ঠ নৃত্য/ইলেক্ট্ৰনিক এলবাম:ৰিনাইছা-বিয়ন্সে