পূজা-অর্চনাত ব্যৱহাৰ কৰাৰ উপৰিও জবা ফুলৰ আছে কেতবোৰ উপকাৰিতা ৷ জবা ফুল চুলিৰ বাবে অতি উপকাৰী। জবাফুলৰ বিভিন্ন ঔষধি গুণ আছে। অত্যধিক চুলি সৰা বন্ধ কৰা বা নতুন চুলি গজোৱাৰ ক্ষেত্ৰত জবাফুল অতি উপকাৰী ৷চুলি সৰা বন্ধ কৰিবলৈ জবা ফুল ব্যৱহাৰৰ বিষয়ে বহুতে জানে যদিও জবা ফুল সেৱনৰ উপকাৰিতা সন্দর্ভত অজ্ঞ ৷ শেহতীয়াকৈ জবা ফুলৰ পাহি শুকুৱাই তৈয়াৰ কৰা এক বিশেষ ধৰণৰ চাহ প্ৰায় সকলো ঠাইতে জনপ্ৰিয় হৈ পৰিছে ৷
জবা ফুলৰ চাহ খালে কি কি লাভ হয়?
এন্টিঅক্সিডেন্ট সমৃদ্ধ জবা ফুলৰ চাহে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। জবাফুলত থকা এটা বিশেষ যৌগই কেন্সাৰৰ দৰে জটিলৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
ওজন নিয়ন্ত্ৰণঃ
ওজন কমোৱাৰ উদ্দেশ্যেৰে বহুদিন ধৰি ব্যায়াম কৰি অহাৰ পাছতো কোনো ফলাফল পোৱা নাই নেকি ? এনে ক্ষেত্ৰত জবা ফুলৰ চাহ আপোনাৰ বাবে উপযোগী হ’ব পাৰে। পুষ্টিবিদসকলৰ মতে জবাফুলত থকা যৌগসমূহে বিপাকীয় ক্ৰিয়া উন্নত কৰিব পাৰে। বিপাকীয় ক্ৰিয়া ভাল হ’লে ওজন হ্ৰাস পাব ৷ লগতে নন এলকহলিক ফেটী লিভাৰৰ সমস্যাও ই নিয়ন্ত্ৰণ কৰিব পাৰে ৷
ৰক্তচাপ নিয়ন্ত্ৰণ কৰে
দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপত ভুগি আছে নেকি ? ৰাতিপুৱা আহাৰ গ্ৰহণ কৰাৰ পিছত নিয়মিতভাৱে ঔষধ খাব লাগে নেকি? ডাক্তৰৰ পৰামৰ্শ মতে ঔষধৰ লগতে জবা ফুলৰ চাহ খাবলৈ আৰম্ভ কৰক। এন্টিঅক্সিডেন্ট সমৃদ্ধ এই চাহ খালে উদ্বেগ, ‘হাইপাৰটেনচন’ সমস্যা নিয়ন্ত্ৰিত হয়।
প্ৰস্ৰাৱৰ সংক্ৰমণ ৰোধ
এই সমস্যা বৃদ্ধ লোকৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। প্ৰস্ৰাৱৰ সংক্ৰমণ কম কৰিবলৈ চিকিৎসকে এন্টিবায়টিক প্ৰেছক্ৰিপচন কৰে। কিন্তু বিভিন্ন কাৰণত এনে ঔষধ বাৰে বাৰে সেৱন কৰাটো ভাল নহয়। গতিকে যদি প্ৰস্ৰাৱৰ সংক্ৰমণ বৰ বেছি নহয়, তেন্তে আপুনি জবা ফুলৰ চাহ সেৱন কৰি চাব পাৰে।