কিছুদিন পূৰ্বে ঘোষণা কৰা হৈছে মহিলাৰ আই পি এলৰ দল। ইয়াৰ লগে লগে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ দিনো ঘোষণা কৰা হয়। আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে কয় যে মহিলাৰ আই পি এল আৰম্ভ হ’বলৈ এমাহো বাকী নাই। ২৬ ফেব্ৰুৱাৰীত শেষ হ’ব মহিলা টি-২০ বিশ্বকাপ। তাৰ এসপ্তাহৰ ভিতৰতে আৰম্ভ হ’ব মহিলাৰ আই পি এল।
তেওঁ কয়, ‘মহিলা প্ৰিমিয়াৰ লীগ ৪ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ চলিব। সমগ্ৰ প্ৰতিযোগিতাখন মুম্বাইত অনুষ্ঠিত হ’ব।” সূত্ৰ অনুসৰি সকলো মেচ ব্ৰাবৰ্ণ আৰু ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্ৰথমখন খেলত গুজৰাট জায়েন্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মালিকানাধীন দল মুখামুখি হ’ব পাৰে। ধুমলে নিশ্চিত কৰে যে অহা ১৩ ফেব্ৰুৱাৰীত মহিলাৰ আই পি এলৰ নিলাম অনুষ্ঠিত হ’ব। প্ৰথম সংস্কৰণত ২২খন খেল অনুষ্ঠিত হ’ব। অৱশ্যে এই সম্পূর্ণ সূচী এতিয়াও প্রকাশ হোৱা নাই৷ সকলো দলৰ নাম চূড়ান্ত হোৱাৰ পিছতহে সূচী প্ৰকাশ কৰা হ’ব ৷
নিলামৰ আগদিনা টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ অনুষ্ঠিত হ’ব। টি-২০ বিশ্বকাপত হৰমনপ্ৰীত কৌৰৰ বাবে সৰ্বোচ্চ গুৰুত্ব লাভ কৰিছে। ভাৰতীয় দলৰ অধিনায়কে কয় “মই জানো নিলাম আছে ৷ কিন্তু তাৰ আগতে আমাৰ এখন অতি গুৰুত্বপূৰ্ণ মেচ আছে। আমি এতিয়া সেই মেচখনত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিছো। এতিয়া আন একো চিন্তা কৰাৰ সময় নহয়।’ তেওঁ লগতে কয়, ‘বিশ্বকাপ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। আমাৰ লক্ষ্য ট্ৰফী। এই প্ৰতিযোগিতাৰ গুৰুত্ব সকলো খেলুৱৈয়ে জানে। আমি মানসিক সংযোগ বজাই ৰাখিব জানো। দলৰ সকলোৱেই যথেষ্ট পৰিপক্ক। ইয়াতকৈ বেছি গুৰুত্বপূৰ্ণ কি সেয়া সকলোৱে জানে।”
টি-২০ বিশ্বকাপক গুৰুত্ব দিও হৰমনপ্ৰীতে প্ৰথম মহিলা আই পি এলৰ প্ৰতিও আগ্ৰহী। তেওঁ মহিলা প্ৰিমিয়াৰ লীগক আদৰণি জনায়। তেওঁ অনুভৱ কৰে যে মহিলা বিগ বেছ লীগ আৰু দ্য হাণ্ড্ৰেডে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেটক শক্তিশালী কৰি তুলিছে। হৰমনপ্ৰীতে কয়, “আমাৰ সকলোৰে বাবে এইটো এটা ডাঙৰ কথা। এই প্ৰতিযোগিতাৰ বাবে আমি বহু বছৰ অপেক্ষা কৰি আহিছো। অৱশেষত এই বছৰৰ পৰা আৰম্ভ হৈছে। মহিলা ক্ৰিকেটৰ বাবে অহা দুই-তিনি মাহ অতি গুৰুত্বপূৰ্ণ। আমি দেখিছোঁ যে মহিলা বিগ বেছ লীগ আৰু দ্য হাণ্ড্ৰেডে দুয়োখন দেশতে মহিলা ক্ৰিকেটক কিমান আগুৱাই লৈ গৈছে। কিমান অগ্ৰগতি হৈছে মই দেখিছোঁ। আশাকৰোঁ আমাৰ দেশৰ মহিলা ক্ৰিকেটেও একেদৰেই লাভৱান হ’ব।”
২৫ জানুৱাৰীত ঘোষণা কৰা হৈছিল দলসমূহৰ নাম। আদানী স্প’ৰ্টছলাইন প্ৰাইভেট লিমিটেডে সৰ্বাধিক মূল্যত দলটো ক্ৰয় কৰে। তেওঁলোকৰ দলটোৱে আহমেদাবাদ চহৰৰ পৰা খেলিব। আদানীয়ে ১২৮৯ কোটি টকাত ক্ৰয় কৰে মহিলা আই পি এল দল। মূল্যৰ ফালৰ পৰা দ্বিতীয় স্থানত আছে ইণ্ডিয়াউইন স্প’ৰ্টছ প্ৰাইভেট লিমিটেড। ৯১২ কোটি ৯৯ লাখ টকাত ক্ৰয় কৰিছিল মুম্বাইৰ দলটো। আই পি এলৰ দল ৰয়েল চেলেঞ্জাৰছ বাংগালোৰে ৯০১ কোটি টকাত ক্ৰয় কৰে দলটো। জে এছ ডব্লিউ জি এম আৰ ক্ৰিকেটে ক্ৰয় কৰে দিল্লী দল। ৮১০ কোটি টকাত দলটো ক্ৰয় কৰিছিল। লক্ষ্ণৌ গ্ৰুপে ক্ৰয় কৰিছে কেপ্ৰি গ্ল’বেল হোল্ডিংছক। ৭৫৭ কোটি টকাত ক্ৰয় কৰিছে।