বহুতৰে ঘৰত লাফিংবুদ্ধৰ মূৰ্তি থকা দেখিবলৈ পোৱা যায়। সাধাৰণতে ড্ৰইংৰুমৰ টেবুলত বা কোনোবা এটা স্থানত লাফিংবুদ্ধৰ মূৰ্তি সজাই থোৱা হয়। কিন্তু এই মূৰ্তিটো ৰখাৰ নিৰ্দিষ্ট স্থান আছে। লাফিং বুদ্ধৰ মূৰ্তি ঘৰৰ সঠিক স্থানত ৰখা নহয় তেনেহ’লে নানা সমস্যাৰ সৃষ্টি হয়। যদি এই মূৰ্তি আমি ঘৰৰ সঠিক স্থানত ৰাখিব পাৰো তেতিয়াহ’লে পৰিয়ালত কোনো ধৰণৰ দুখ কষ্ট নহয়। মনৰ ইচ্ছা পূৰণ হয় আৰু বহুত সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে। গতিকে লাফিং বুদ্ধৰ মূৰ্তি কোন স্থানত ৰাখিলে সঠিক উপকাৰ পোৱা যায় সেই বিষয়ে জানো আহক—-
১) ঘৰৰ প্ৰতিটো কোনত লাফিংবুদ্ধ ৰাখিলে প্ৰতিটোৰে একো একোটা বিশেষ ফল পোৱা যায়।
২) ঘৰৰ পূৱদিশত এই মূৰ্তি ৰাখিলে সুখ-শান্তি অটুট থাকে আৰু পৰিয়ালৰ লোক সকলৰ মাজত মিলাপ্ৰীতি বৰ্তি থাকে।
৩) ঘৰৰ মূখ্য দুৱাৰৰ পিনে মুখ কৰি ড্ৰইং ৰুমত এই মূৰ্তি ৰাখিলে কোনো নিগেটিভ এনাৰ্জি ঘৰত প্ৰৱেশ কৰিব নোৱাৰে।
৪) ষ্টাডি ৰুমত লাফিং বুদ্ধৰ মূৰ্তি ৰাখিলে পঢ়া-শুনাত মনোযোগ বাঢ়ে।
৫) অফিচত এই মূৰ্তি ৰাখিলে আৰ্থিক উন্নতি ভাল হয় আৰু কাম কাজত সাফল্য আহে।
৬) ঘৰৰ বাগিচাত যদি এই মূৰ্তি স্থাপন কৰা হয় তেনেহ’লে নানা ধৰণৰ চিন্তা-ভাৱনাৰ পৰা মুক্তি লাভ কৰিব পাৰি।
৭) গোসাই ঘৰত এই মূৰ্তি ৰাখিলে বহুত উপকাৰ পোৱা যায়। যাৰ ফলত ঘৰত বহুত পজেটিভ এনাৰ্জি ঘৰলৈ অহাত সহায় হয়।
৮) যি সকল লোকে চাকৰি পোৱাত বিফল হৈ আছে তেওঁলোকে ঘৰৰ দক্ষিণ-পূৱ কোণত এই বুদ্ধ মূৰ্তি ৰাখিলে সুফল পাব পাৰে।
৯) বাস্তুশাস্ত্ৰ অনুসৰি লাফিং বুদ্ধ কেতিয়াও পাকঘৰত , ডাইনিং ৰুমত , শোৱা কোঠালিত বা বাথৰুমৰ ওচৰত ৰখাটো উচিত নহয়।
১০) লাফিং বুদ্ধৰ মূৰ্তি মাটিত ৰাখিব নালাগে। মাটিৰ পৰা ৩০ ছে: মি: ওপৰত টেবুল এখনত ৰাখিব লাগে।