যোৱা বছৰৰ ১৮ নৱেম্বৰত পাকিস্তানত মুক্তি পাবলগীয়া আছিল ‘জয়লেণ্ড’ নামৰ ছবিখন। এইবাৰ পাকিস্তানৰ এই ছবিখনক অস্কাৰৰ দৌৰত অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এই ছবিখনক লৈ যথেষ্ট বিতৰ্ক হৈছে। সেয়ে মুক্তিৰ পূৰ্বে সেই দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনাইছে যে পাকিস্তানৰ ১১খন ৰাজ্যত ছবিখন নিষিদ্ধ কৰা হৈছে। এই ছবিখনে ক্যাঁ চলচ্চিত্ৰ মহোৎসৱত পাকিস্তানৰ হৈ আত্মপ্ৰকাশ কৰিছিল। এই পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন ২০২৩ চনৰ একাডেমী বঁটাত মনোনয়নৰ বাবে দাখিল কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা লাভ কৰিলেও নিজৰ দেশত মুক্তি পোৱা নাই এই ছবিখনে । এইবাৰ ভাৰতত মুক্তি পাব পাকিস্তানত নিষিদ্ধ ‘জয়লেণ্ড’ ছবিখনে।
এই ছবিখন কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত মুক্তি দিয়া হ’ব । স্পেইন, ইংলেণ্ড, ছুইজাৰলেণ্ড, বেনেলাক্স, পূব ইউৰোপত মুক্তি লাভ কৰিব ‘জয়লেণ্ড’-এ। ‘জয়লেণ্ড’ ছবিখনৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত এক বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে । এই ছবিখন সমগ্ৰ বিশ্বই চাবলৈ সক্ষম হ’ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে ৷ এই ছবিখন অহা ১০ মাৰ্চত মুক্তি পাব ৷
‘জয়লেণ্ড’ এটা সাধাৰণ পৰিয়ালৰ কাহিনী, য’ত পিতৃতন্ত্ৰই শেষ শব্দ। তেওঁ পৰিয়ালৰ মুৰব্বী আৰু বাকী সদস্যসকলে পুত্ৰ জন্মৰ বাবে অপেক্ষা কৰে। কিন্তু তেওঁলোকৰ ইচ্ছা পূৰণ হোৱাৰ আগতেই পৰিয়ালটোৰ ওপৰত আন এক ‘দুৰ্যোগ’ আহিল। সেই দেশৰ চৰকাৰে ছবিখনৰ বিষয়বস্তু ‘আপত্তিজনক’ বুলি নিষিদ্ধ ঘোষণা কৰিছে ৷ তাৰকাসকলে এই ছবিখন ভাৰতত মুক্তি পাব বুলি জানি আনন্দিত হৈ পৰিছে।