“অসমৰ কৰ্মচাৰী সমাজৰ অৱসৰকালিন সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ পুৰণি পেঞ্চন ব্যৱস্থা পুন: প্ৰতিষ্ঠাৰ দাবীত অহা ১০ ফেব্ৰুৱাৰীত অসমৰ কৰ্মচাৰী সমাজে এদিনীয়াকৈ কৰ্মবিৰতি পালন কৰিব। এই কাৰ্যসূচীত অসমৰ বিভিন্ন শিক্ষক-কৰ্মচাৰী সংস্থা/ সংঘই সমৰ্থন জনাইছে। এই সম্পৰ্কত যোৱা ইং ৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতি, অসম (Confederation of Central Govt. Employees, Assam) ৰ দ্বীজেন কুমাৰ দেৱনাথ, ৰাজু কুমাৰ ৰয়, জইণ্ট কাউঞ্চিল অব ট্ৰেড ইউনিয়ন, অসম, (Joint Council of Trade Unions, Assam) ৰ ভবেন্দ্ৰ কুমাৰ কলিতা, গৰ্গ তালুকদাৰ, অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচন (Assam State Employees Federation)ৰ নব কুমাৰ পাটগিৰী আৰু সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিৰ মাজত এক আলোচনা হয়। আলোচনাত অহা ১০ ফেব্ৰুৱাৰী কৰ্মবিৰতি কাৰ্যসূচীক সংস্থা কেইটাই পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে আগন্তুক সময়ত এন পি এছ বিৰোধী সকলো কাৰ্যসূচী উমৈহতীয়া ভাবে আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।“ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে ৷
এই সন্দর্ভত হাজৰিকাই কয় – “ৰাজ্যৰ ১৩০ টাৰো অধিক শ্ৰমিক-শিক্ষক-কৰ্মচাৰী সন্থা/ সংঘৰ সমৰ্থনত আগন্তুক সময়ত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাই এক পূৰ্ণ আৰু তীব্ৰ গণসংগ্ৰামৰ বাবে সাজু হৈছে। এই সংগ্ৰামত অসমৰ শিক্ষক-কৰ্মচাৰী-শ্ৰমিক সংস্থা/সংঘৰ উপৰিও ৰাজ্যৰ সামাজিক সংস্থা আৰু সুধী মহলক লগত লৈ অসম চৰকাৰক সকলো ধৰণেৰে হেচাঁ প্ৰয়োগৰ বাবে সংস্থাই এক কাৰ্যপ্ৰণালী প্ৰস্তুত কৰিছে। অসমৰ কৰ্মচাৰী সমাজে নিজৰ অধিকাৰ আৰু সুৰক্ষা আদায় কৰাৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল নোহোৱা পৰ্যন্ত বিভিন্ন গণতান্ত্ৰিক সংগ্ৰামী কাৰ্যসূচী চলাই নিব। অহা ১০ ফেব্ৰুৱাৰীত কাৰ্যসূচীৰ বাবে ইতিমধ্যে সদৌ অসম ডায়েট বিষয়া সংস্থা, সদৌ অসম আমোলা সন্থা, সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থা, অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা আদিয়ে পূৰ্ণ সমৰ্থন জনোৱাৰ উপৰিও সংস্থাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই উত্তৰ পূবৰ মনিপূৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু চিকিম ৰাজ্যৰ কৰ্মচাৰী সমাজেও নিজ নিজ ৰাজ্যত বিভিন্ন কাৰ্যসূচী পালন কৰিব।“