মানুহৰ মানসিকতা দিনক দিনে নিম্নখাপৰ হ’বলৈ ধৰিছে , যিকোনো ক্ষেত্ৰতে দেখা পোৱা যায় মানুহক কেৱল মনোৰঞ্জন লাগে । সেইয়া যি ক্ষেত্ৰতে নহওঁক কিয় ; সকলোকে লাগে কেৱল মনোৰঞ্জন । কাৰ ঘৰত কি হৈছে, কোনে কাৰ লগত অবৈধ সম্পৰ্ক ৰক্ষা কৰিছে, কোন চেলিব্ৰেটিৰ কাৰ লগত সম্পৰ্ক আছে এইবোৰ চাবলৈ, জানিবলৈহে যেন সকলোৰে আগ্ৰহ । ৰাজনীতিৰ কথা বাৰু বাদ দিলো, সামাজিক বিশৃংখলতা, অপসংস্কৃতিৰ পয়োভৰ, ভগ্ন অৰ্থনীতিৰ প্ৰতিও নাই কোনো ভ্ৰুক্ষেপ । দিন যিমানেই বাগৰিছে, সমানে সমানে মানুহৰ ৰুচিবোধবোৰো যেন সলনি হ’ব ধৰিছে । মানুহৰ ৰুচিবোধৰ ইমানেই অৱক্ষয় হৈছে যে, ভাল কথা, ভাল কামৰ খবৰ জানিবলৈ যেন ইচ্ছুক নোহোৱা হৈছে । সততে দেখা পাওঁ, সামাজিক মাধ্যমত কিছু সময়ত অভিযোগ উত্থাপন হয় এনেদৰে, আজিৰ সংবাদ মাধ্যমে অলাগতিয়াল খবৰ প্ৰচাৰত অধিক গুৰুত্ব দিয়ে । টি আৰ পিৰ বাবে যিকোনো পৰ্যায়লৈ যায় ।
মানুহৰ ব্যক্তিগত জীৱনৰ কথাৰে, ব্যক্তিগত কোঠাৰ ভিতৰৰ কথাকেই ৰহণ লগাই বাতৰি কৰি, ভিউজ লোৱাৰ দৌৰত নামিছে আজিৰ সংবাদ মাধ্যম । একাংশ প’ৰ্টেলৰ দৌৰাত্ম্যৰ বাবেই সকলোকে একাকাৰ কৰি এইচাম মানুহে অভিযোগৰ আঙুলি তোৱাইছে । কিন্তু এয়া সমিচীন নে ? আমি বাৰো নিজৰ গাত নিজেই চিকুটি চাইচোনে ? আমি কিয় প্ৰশ্ন কৰা নাই এইবোৰ চাই থকা মানুহবোৰ জানো আমাৰ মাজৰে কোনোবা নহয় ! এতিয়া সকলোৰে হাতে হাতে মোবাইল । গোটেই পৃথিৱীখনেই আছে নিজৰ হাতত । ইচ্ছা কৰিলেই যিকোনো এটা বিষয়ৰ ওপৰত জ্ঞান লাভ কৰিব পাৰি । কিন্তু আমি আমাৰ হাতত থকা এই মোবাইলটো কি কামত ব্যৱহাৰ কৰিছো ?
কেইটামান উদাহৰণ দিও । আৰম্ভ কৰো ইউটিউবৰ পৰাই । ইউটিউবত কি নাই ? নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই । সেয়ে মূল কথালৈ আহো । একাংশই নিজাকৈ ইউটিউব চেনেল খুলি আজিকালি আৰম্ভ কৰিছে ব্লগিং । নতুন নতুন ঠাইলৈ গৈ, সেইবোৰ ঠাইৰ বিষয়ে অৱগত কৰাৰ ভিডিঅ’ ইউটিউবত সহজলভ্য । একাংশই আকৌ আৰম্ভ কৰিছে দৈনন্দিন জীৱনৰ কাম-কাজৰ ব্লগিং । এটা পৰ্যায়লৈ ঠিকেই আছে । কিন্তু শেহতীয়াকৈ একাংশই এই দৈনন্দিন জীৱনৰ ব্লগিঙৰ জৰিয়তে আৰম্ভ কৰিছে মুকলি যৌনতা বিয়পোৱাৰ প্ৰচেষ্টা । পুৱা বিচনাৰ পৰা উঠাৰ পৰা নিশা বিচনাত পৰি লাইট বন্ধ কৰালৈকে দেখুৱাবলৈ গৈ কাপোৰ সলোৱা , অৰ্ধ নগ্ন হৈ গা ধুৱা , একান্তই ব্যক্তিগত মুহূৰ্তক ব্লগিঙৰ জৰিয়তে প্ৰচাৰ কৰাত নামিছে । লাখৰ ঘৰত মানুহে এইবোৰ চাবলৈ আৰম্ভ কৰিছে । আন একাংশই ইউটিউবত চলাই আছে ৰোষ্টিং । ৰোষ্টিঙৰ নামত এইসকলে অশ্লীল শব্দৰ প্ৰয়োগ, আশ্ৰাব্য গালি গালাজ, আনৰ ফটো, ভিডিঅ’ দেখুৱাই সন্মান হনন কৰাত নামিছে । এই ৰোষ্টাৰৰ বাবেই বহুলোকে মানসিক অশান্তিত ভূগিবলৈও আৰম্ভ কৰিছে । কোন মুহূৰ্তত এইসকলে সামাজিক মাধ্যমৰ পৰা আপোনাৰ ফটো, ভিডিঅ’ সংগ্ৰহ কৰি আপোনাক অশ্লীল শব্দ, গালি গালাজেৰে সন্মান হানি কৰে সেয়া আপুনি তলকিবই নোৱাৰিব । এইবোৰো নিতৌ চাই আছে লাখ লাখ লোকে ।
যিমানেই অধিক অশ্লীল গালি, গালাজ, অমাৰ্জিত শব্দৰ প্ৰয়োগ হ’ব সিমানেই ভিউজ বাঢ়িব আৰু ভিউজ বঢ়া মানেই ইউটিউবৰ পৰা পোৱা ধনৰ পৰিমাণ বৃদ্ধি হোৱা । এতিয়া ইয়াৰ বাবে দায়ী কোন ? ভিউজ পোৱাৰ বাবেই এইবোৰৰ সংখ্যা বৃদ্ধি পোৱা নাইনে ? আমি এইসকলৰ বিৰুদ্ধে মাত মাতিছোনে ? আনহে নালাগে নতুন বাহনত সন্তানে বিষ্ঠা ত্যাগ কৰাৰ ভিডিঅ’ চোৱা লাখ লাখ মানুহ আছে এইখন অসমত ।
লেট্ৰিন উন্মোচন কৰা ভিডিঅ’ চোৱা মানুহৰো সীমা সংখ্যা নাই । এতিয়া আহো ফেচবুকৰ মাজলৈ। ইয়াতো একেই। ইউটিউবতকৈ ফেচবুক আৰু ওপৰত । যাৰ যি ইচ্ছা তাকেই লিখিছে। সমালোচনাৰ নামত ইয়াত কেৱল ব্যক্তিগত আক্ৰমণ । এই আক্ৰমণ ইমান নিম্নস্তৰলৈ নামিছে যে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈও কুণ্ঠাবোধ কৰিবলগীয়া অৱস্থাৰ সূচনা হৈছে । ফেচবুক, ইউটিউবক কেন্দ্ৰ কৰিয়েই প’ৰ্টেল চলি আছে । এই ফেচবুকতে সকলোৱে নিজ ইচ্ছামতে সংবাদ মাধ্যমক গালি, গালাজ কৰাত অকণো কৃপণালী কৰা নাই ।
সকলোৰে এটাই কথা, নিম্নস্তৰৰ বাতৰি প্ৰকাশ কৰি মূল সমস্যাৰ পৰা জনসাধাৰণক বিপথে পৰিচালিত কৰিছে, দৰাচলতে এয়া একপক্ষীয় অভিযোগ । হয়, একাংশ সংবাদ মাধ্যমত নিম্নস্তৰৰ বাতৰি প্ৰকাশ হৈছে । প’ৰ্টেলত বাতৰিৰ নামত নেদেখুৱাবলগীয়াকে দেখুৱাইছে, ন’কবলগীয়াকেই কোৱা হৈছে । কিন্তু সকলো একেই নহয় । বহুতেই এতিয়াও সংবাদ মাধ্যমৰ প্ৰকৃত ভূমিকা পালন কৰি আহিছে । আমি কি চাম, কি পঢ়িম সেয়া আমাৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰিব । কোনটো প’ৰ্টেলে সংবাদ মাধ্যমৰ প্ৰকৃত ধৰ্ম পালন কৰিছে, অতিৰঞ্জিত নকৰাকৈ বাতৰি পৰিৱেশন কৰিছে সেয়া আমি নিজেই বিচাৰ কৰিব লাগিব । কোনেও এইবোৰ চাবলৈ কাকো বাধ্য কৰিব নোৱাৰে । কিন্তু সেইবোৰ বাতৰিয়েই লাখ লাখ মানুহে চাইছে । অতিৰঞ্জিত ভাৱে প্ৰকাশ কৰা এটা বাতৰি যদি লাখ লাখ মানুহে চাই তেনে সেই নিৰ্দিষ্ট প’ৰ্টেলক পুনৰ তেনে নিউজ কৰিবলৈকে অনুপ্ৰেৰণা দিয়া নাইনে ? নক’লেও হয়, অধিকাংশ প’ৰ্টেলেই কেৱল ভিউজ বিচাৰে আৰু ভিউজ পাবলৈকে এইদৰে লঘু বিষয়কেই বাচি লৈছে । সামাজিক অৱক্ষয়, ভগ্ন অৰ্থীনিতি, অপসংস্কৃতিৰ বহুল প্ৰসাৰৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ হলেও সেইবোৰক লৈ কাৰো ভ্ৰুক্ষেপ নাই । তথ্যগত খবৰ কোনেও জানিবলৈ, চাবলৈ নিবিচাৰে । নামমাত্ৰ লোকে এইবোৰ চাই যদিও এইবোৰক লৈ চৰ্চা নহয়,বায়ু প্ৰদূষণৰ ভয়াবহতাক লৈ বাতৰি হৈছে । ইয়াৰ আঁৰৰ কাৰণ, প্ৰতিকাৰ আদিৰ বিষয়ে কোৱা হৈছে । প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ দায়িত্ব সোঁৱৰাই দিয়া হৈছে ।
প্ৰশ্ন উত্থাপন কৰা হৈছে। কিন্তু এইবোৰক লৈ কাৰো মতলব নাই । কোন অভিনেতাই কোন অভিনেত্ৰীক বিয়া কৰালে তাক লৈ ব্যস্ত সকলো । বিগ বাজেটৰ অসমীয়া চিনেমা হিট হৈছে ; ভাল কথা । ইয়াক লৈ চৰ্চাও হৈছে। অসমীয়া চিনেমাৰ বাবে ই নিত্যান্তই ভাল খবৰ । চৰ্চা হোৱা উচিত । কিন্তু একে সময়তে আন আন অসমীয়া ছবিয়ে হল বিচাৰি হাবাথুৰি খাইছে ,ক’ৰবাত যদি এটা প্ৰদৰ্শনীৰ বাবে হল এটা পাইছে তাতো দৰ্শকৰ অভাৱ । অথচ সেই চিনেমাই ৰাজ্যলৈ কঢ়িয়াই আনিছে সন্মান । এইবোৰ বিষয়ক লৈ চৰ্চা নাই,বাল্য বিবাহক লৈ ৰাজ্য উত্তাল হৈছে ।
চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ঠিকেই আছে । কিন্তু এই বাল্য বিবাহৰ কাৰণ কি, চৰকাৰে ইয়াক প্ৰতিৰোধৰ বাবে উপযুক্ত ব্যৱস্থা লৈছিল নে ? এইবোৰ বিষয়ক লৈ চৰ্চা নাই। এইবোৰ প্ৰশ্নৰে বাতৰিও হৈছে কিন্তু মানুহৰ চাবলৈ, খবৰ লবলৈ আহৰি নাই। কাক জে’ললৈ নিলে, কোনে পথত বাগৰি কান্দিছে তাত হে চকু । সেইবোৰ ভিডিঅ’ শ্বেয়াৰ কৰাত ব্যস্ত । মূল সমস্যাক লৈ চিন্তিত নহয় । উন্নয়নৰ নামত কি হৈছে সেইবোৰৰো বাতৰি হৈছে কিন্তু চোৱা মানুহ নাই ।
অৰ্থনীতিৰ বিষয়ে পৰ্যালোচনা হৈছে । জানিবলৈ কাৰো আগ্ৰহ নাই। আগ্ৰহ কেৱল লঘু বিষয়ৰ চৰ্চাত হে । মানুহৰ ৰুচিবোধৰ সলনি হ’ল । ইয়াৰ আঁৰৰ কাৰণ বহুতো ; পাছে পৰে সেয়া আলোচনা কৰিম বাৰো । কিন্তু এই কথা নিশ্চিত ভাৱে আমি সকলোৱে জানো সামাজিক মাধ্যমত আমি যি বিচাৰো সেয়াহে চাব পাৰোঁ । আমাৰ আগ্ৰহৰ ওপৰতে নিৰ্ভৰ কৰে সকলো । ইউটিউবত কৰা ৰোষ্টিং চাই পৈশাচিক আনন্দ লভিম নে জ্ঞান অৰ্জন কৰিবলৈ নিৰ্দিষ্ট বিষয় বাচি ল’ম সেয়া আমাৰ ওপৰতেই নিৰ্ভৰ কৰিব।পুৱা উঠি বাথৰুমলৈ গৈ মল- মূত্ৰ ত্যাগ কৰা, উলংগ, অৰ্ধ উলংগ হৈ স্নান কৰা, ভাত খোৱা, মাছ খোৱা, পানী খোৱা, যৌন ক্ৰিয়াত লিপ্ত হোৱাৰ দৰে দৈনন্দিন ব্লগ চাম নে নতুন নতুন ঠাইৰ বিষয়ে , বিভিন্ন জানিবলগীয়া বিষয়ৰ ওপৰত নিৰ্মাণ কৰা ব্লগ চাম সেয়াও আমাৰ ওপৰতেই নিৰ্ভৰ কৰিব ।
কোন প’ৰ্টেলে কি বাতৰি পৰিৱেশন কৰিছে সেয়া সকলোৱে লক্ষ্য কৰি আছে । কমেণ্ট বক্সত গৈ সকলোকে একাকাৰ কৰি গালি পাৰাতকৈ যদি তেনে প’ৰ্টেলৰ অতিৰঞ্জিত, অপ্ৰয়োজনীয় খবৰ এৰি তথ্য ভিত্তিত প্ৰকাশিত অথবা সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক , শৈক্ষিক, অৰ্থনৈতিক আদি দিশৰ বিভিন্ন সমস্যা, সফলতা আদিৰ ওপৰত প্ৰকাশ কৰা বাতৰি চাই তেন্তে সকলোৱে অন্ততঃ ভিউজ পোৱাৰ আশাতেই সেয়া কৰিবলৈ বাধ্য হ’ব । এতিয়া সিদ্ধান্ত আপোনাৰ । আপুনি একপক্ষীয় ভাৱে সামাজিক মাধ্যমত সমালোচনা কৰিব নে যুক্তিৰ নামত অশ্লীল গালি গালাজ পাৰিব? ব্যক্তিগত আক্ৰমণেৰে পৰিৱেশ বিনষ্ট কৰিব নে এইবোৰ এৰি চলিব ?