‘চেৰিয়েটছ অৱ ফায়াৰ’ৰ বাবে বিখ্যাত পৰিচালক হিউ হাডছনৰ মৃত্যু ঘটিছে। অস্কাৰ বিজয়ী চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। যোৱা কেইদিনমানৰ পৰা তেওঁ বার্ধক্যজনিত ৰোগত ভুগি আছিল। যোৱা ১০ ফেব্ৰুৱাৰীত লণ্ডনৰ চাৰিং ক্ৰছ হাস্পতালত মৃত্যু হয় ব্ৰিটিছ পৰিচালকগৰাকীৰ। তেওঁৰ মৃত্যুৰ খবৰ পৰিয়ালে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে ।
১৯৩৬ চনৰ ২৫ আগষ্টত লণ্ডনত জন্মগ্ৰহণ কৰিছিল হিউ হাডছনে । তথ্যচিত্ৰ আৰু বিজ্ঞাপন পৰিচালনাৰ কামৰ সৈতে হাতে কামে পৰিচালক। হিউ হাডছনে নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে পেৰিছত তথ্যচিত্ৰ সম্পাদক হিচাপে কাম কৰিছিল। প্ৰায় ৩ বছৰ সম্পাদনাত কাম কৰাৰ পিছত তেওঁ দুজন সহকৰ্মীৰ সৈতে এটা তথ্যচিত্ৰ কোম্পানী গঠন কৰে। এছ জি এ (চিত্ৰনাট্যকাৰ গিল্ড বঁটা) বিজয়ী আৰু বাফটা (ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছ)ৰ মনোনীত ‘এ ফৰ এপল’, ‘দ্য টৰ্ট’ইজ এণ্ড দ্য হাৰে’ আদি তথ্যচিত্ৰ সেই কোম্পানীত নিৰ্মাণ কৰা হৈছে।
ইয়াৰ পিছত হিউ হাডছনে তথ্যচিত্ৰৰ বিজ্ঞাপন পৰিচালনাৰ দিশত মনোযোগ দিয়ে। তাৰ পৰাই তেওঁ ক্ৰমান্বয়ে চিনেমা জগতত প্ৰৱেশ কৰে। হিউৱে এলান পাৰ্কাৰৰ পৰিচালনাত নিৰ্মিত বিখ্যাত ছবি ‘মিডনাইট এক্সপ্ৰেছ’ত দ্বিতীয় ইউনিট পৰিচালক হিচাপে কাম কৰিছিল। ১৯৭৮ চনত মুক্তি লাভ কৰিছিল ছবিখনে।
১৯৭৯-৮০ চনৰ পিছত হিউ হাডছনে প্ৰায় এবছৰ ধৰি ‘চেৰিয়েটছ অৱ ফায়াৰ’ নিৰ্মাণ কৰিছিল। দুগৰাকী ব্ৰিটিছ খেলুৱৈৰ অলিম্পিক যাত্ৰাৰ কাহিনীৰ আধাৰত নির্মাণ কৰা হৈছিল ছবিখন। ১৯৮১ চনত মুক্তি পোৱা এই ছবিখনে একাধিক অস্কাৰ শিতানত মনোনীত হৈছিল আৰু শ্ৰেষ্ঠ ছবিৰ শিতানত বিজয়ী হৈছিল। হিউ হাডছনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ অস্কাৰ লাভ কৰে। ‘চেৰিয়েটছ অৱ ফায়াৰ’ৰ উপৰিও হিউ হাডছনে পৰিচালনা কৰিছিল ‘গ্ৰেইষ্টক: দ্য লিজেণ্ড অৱ টাৰ্জান’, ‘লৰ্ড অৱ দ্য এপছ’।