স্পেইন চৰকাৰে মহিলা শ্ৰমিকক দৰমহাসহ ঋতুভিত্তিক ছুটী প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰিছে। এইবাৰ পশ্চিমীয়া দেশত এনে আইন প্ৰণয়ন কৰা হৈছে। জাপান, দক্ষিণ কোৰিয়া, ইণ্ডোনেছিয়া আদি দেশৰ চৰকাৰে ইতিমধ্যে নিজৰ দেশত ঋতুভিত্তিক বন্ধত অনুমোদন জনাইছে। আমেৰিকাৰ কেইবাটাও কোম্পানীয়েও মহিলা শ্ৰমিকক ঋতুভিত্তিক ছুটী দিবলৈ আৰম্ভ কৰিছে। কিন্তু ইউৰোপত এয়া প্ৰথম এনে পদক্ষেপ।
পিতৃতান্ত্রিক সমাজত নাৰীৰ সমস্যাৰ বিষয়ে মুকলিকৈ আলোচনা খুব কমেইহে হয়। কিন্তু শেহতীয়াকৈ ঋতুস্ৰাৱক লৈ ‘মৌন’ হৈ থকাৰ মানসিকতাৰ পৰিৱৰ্তন ঘটিছে। যুগ যুগ ধৰি চলি অহা পৰম্পৰা ভংগ কৰি বিশ্বৰ বিভিন্ন সংগঠনে এমাহত চাৰিদিনৰ ‘ঋতুকালীন’ ছুটীৰ আবণ্টন দিছে। বহু মহিলাই নিজৰ শাৰীৰিক অৱস্থাৰ কথা কৈ ছুটী বিচৰাবিলৈ অস্বস্তি অনুভৱ কৰে। সেয়েহে কৰ্মক্ষেত্ৰত শ্ৰমিকৰ সুবিধা আৰু অসুবিধাৰ কথা মনত ৰাখি স্পেইনত এই আইনখন গৃহীত কৰা হয়।
স্পেইনৰ নতুন আইন অনুসৰি মহিলাসকলে ঋতুকালীন সমস্যাৰ যিমান দিন বিচাৰে সিমান দিন ছুটী ল’ব পাৰে। এই ছুটী তেওঁলোকক অতিৰিক্ত ভাৱে মঞ্জুৰ কৰা হ’ব ৷ অৱশ্যে এই ছুটী পাবলৈ মহিলাসকলে চিকিৎসকৰ পৰা লিখিত নোট জমা দিব লাগিব।
স্পেইনৰ লিংগ সমতা মন্ত্ৰী আইৰিন মণ্টেৰ’ই এই আইন ঘোষণা কৰি কয়, “মহিলাসকলে আৰু তীব্ৰ যন্ত্ৰণাৰ মাজেৰে কাম কৰিব নালাগে, আমি কামলৈ অহাৰ আগতে ঔষধ খোৱাৰ প্ৰয়োজন নহ’ব ৷ ঋতু অনুসৰি আমি ভুগি থকা কষ্ট আৰু তাৰ বাবে কাম হেৰুৱাৰ কথা কোৱাৰ প্ৰয়োজন নাই।”
তদুপৰি ১৬ বা ১৭ বছৰ বয়সৰ যুৱতীসকলৰ গৰ্ভপাতৰ বাবে আৰু অভিভাৱকৰ সন্মতিৰ প্ৰয়োজন নহ’ব। স্পেইনৰ নতুন আইনখনতো এই কথা উল্লেখ কৰা হৈছে।কেইবাদিনো ধৰি ভাৰততো ঋতুস্ৰাৱৰ ছুটী লোৱাক লৈ হুলস্থুলৰ সৃষ্টি হৈছে। মহিলা কর্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ঋতুস্ৰাৱৰ ছুটীৰ আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে ৷ ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এই শুনানি। ঋতুস্ৰাৱৰ ছুটীৰ ক্ষেত্ৰত নতুন আইন প্ৰণয়ন কৰিবলৈ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ত আৱেদন জনোৱা হৈছে ৷ উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছে অধিবক্তা বিশাল তিৱাৰীয়ে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰিব। বহুতে ভাবে যে স্পেইনৰ এই আইনখনৰ প্ৰভাৱ ভাৰততো পৰিব পাৰে।