আজি মহাশিৱ ৰাত্ৰি। প্ৰতিটো শিৱ মন্দিৰত উলহ মালহেৰে পালন কৰা হৈছে শিৱৰ পূজা-আৰাধনা। বছৰৰ প্ৰতিটো মাহতে শিৱৰাত্ৰি হয় যদিও মহা শিৱৰাত্ৰি বছৰত এবাৰহে অনুষ্ঠিত হয়। প্ৰতি বছৰৰ ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত শিৱ-পাৰ্বতীৰ বিয়া উপলক্ষে পালন কৰি অহা হৈছে মহা শিৱৰাত্ৰি। শিৱদলকে আদি কৰি সমগ্ৰ শিৱ মন্দিৰত শিৱ বন্দনাৰে মুখৰিত হৈ পৰিছে আকাশ-বতাহ।
ধুবুৰী জিলাৰ গৌৰীপুৰৰ ‘শ্ৰী শ্ৰী ঢেলখোৱা শিৱ মন্দিৰ’ তো আজি উলহ-মালহেৰে পালন কৰা হৈছে শিৱ পূজা । গৌৰীপুৰৰ ‘শ্ৰী শ্ৰী ঢেলখোৱা শিৱ মন্দিৰ’ৰ বিষয়ে জাঁনো আহকচোন।
আদিতে এই থান খনত উই হাঁফলুৰ মাটিৰে প্ৰায় ১৪/১৫ ফুট মান ওখ হৈ ধ্যানস্থ শিৱৰ আকৃতিৰ নিচিনা হৈছিল। ধৰ্মপ্ৰাণ ভক্ত এজনে থান খনৰ কাষেদি পাৰ হৈ যাওঁতে বননিৰে আবৃত্ত উই-হাঁফলুৰ অদ্ভুত আকৃতি দেখি তাত স্বয়ং দেৱাদিদেৱ মহাদেৱ ধ্যান কৰি থকা অনুমান কৰি ভক্তি ভাৱেৰে নিজৰ অভীষ্ট সিদ্ধিৰ কামনাৰে মাটিৰ পৰা দুটা টুকুৰা বুটলি লৈ শিৱৰ চৰণত অঞ্জলি দিয়াৰ দৰে দলি মাৰি প্ৰণাম কৰিছিল। সেই ব্যক্তি জনৰ মনস্কামনা পূৰ্ণ হোৱাত সেই থানলৈ আহি নৈবেদ্য আদি আগবঢ়াই নাম-কীৰ্তন কৰি প্ৰভূৰ মহিমা প্ৰচাৰ কৰে। সেই থান খনত মাটিৰ টুকুৰা দুটামান বুটলি লৈ ভক্তি সহকাৰে দলিয়াই দিলে মানুহৰ মনোকামনা সিদ্ধ হয় বুলি প্ৰচাৰ কৰিলে আৰু বাটৰুৱাক সেই থানৰ সন্মুখেৰে অহা যোৱা কঁৰোতে মাটিৰ টুকুৰাৰে দলি মাৰি সেৱা জনাবলৈ অনুৰোধ কৰিলে আৰু ধৰ্মপ্ৰাণ ৰাইজৰ মাজত সেয়াই পিছলৈ ৰীতিত পৰিণত হ’ল।
লোকশ্ৰুতি অনুসৰি, প্ৰাচীন কালত গৌৰীপুৰৰ ৰাজবাড়ীৰ সমীপত থকা বিমান বন্দৰ ৰূপসী আৰু গৌৰীপুৰৰ মাজত বাটৰ কাষতে জোপোহা গছৰ তলত এজন সন্যাসীয়ে ধ্যানত মগ্ন হৈ আছিল। এদিনাখন কোনো দূস্কৃতিকাৰীয়ে সন্যাসী জনক হত্যা কৰিছিল। পিছলৈ লোক-বিশ্বাস অনুসৰি সেই বাটেৰে অহা-যোৱা কৰা মানুহে ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মাটিৰ টুকুৰাৰে ঠাকুৰক দলিয়াইছিল আৰু সেৱা কৰিছিল। যাৰ ফলত সকলো বিপদ আঁতৰি গৈছিল। অৱশেষত জোপোহাৰ তলত এটা মাটিৰ দম হৈছিল। মানুহে সেই মাটিৰ দম টোকে ঢেল খোৱা সৈন্যাসী (শিৱ) বুলি অতি ভক্তি ভাৱেৰে পূজা-অৰ্চনা কৰিবলৈ ধৰিলে।
অতি প্ৰাচীন কালত এই মন্দিৰত কোনো মৃৰ্তি নাছিল। ওচৰৰে দাওঁভাঙ্গী গাওঁৰ এজন প্ৰখ্যাত ব্যক্তিয়ে সেই বাটেৰে অহা-যোৱা কৰোঁতে মন্দিৰত এটি শিৱমূৰ্তি দৰ্শন কৰে আৰু তেতিয়াৰে পৰা তেখেতৰ পৰামৰ্শ মতে মাটিৰে নিৰ্মিত শিৱৰ মূৰ্তি স্থাপন কৰি নিয়মীয়াকৈ পূজা-অৰ্চনা কৰিবলৈ আৰম্ভ কৰে।
জানিব পৰা মতে , গৌৰীপুৰৰ জমিদাৰ প্ৰকৃতিশ চন্দ্ৰ বৰুৱাদেৱে উক্ত থানত মানস কৰি হাতী চিকাৰলৈ গৈছিল আৰু বাবাৰ আশীৰ্বাদত প্ৰচুৰ লাভবান হৈছিল। সেইবাবে ঢেলখোৱা মন্দিৰত নাম-কীৰ্তন কৰি থান খনৰ বিষয়ে প্ৰচাৰ চলায়। গৌৰীপুৰৰ ভালে কেইজন প্ৰথিতযশা ব্যক্তিৰ প্ৰচেষ্ঠাত আৰু ৰাইজৰ দান-বৰঙণিৰে বৰ্তমানৰ মন্দিৰটো সজায় আৰু প্ৰতিদিনে পূজা-পাতল কৰাৰ উপৰিও মহা শিৱৰাত্ৰি তিথি উপলক্ষে প্ৰতি বছৰে মহাসমাৰোহেৰে তিনি দিনীয়াকৈ পূজা-অৰ্চনা, নাম-সংকীৰ্তন কৰাৰ লগতে মেলা আদি অনুষ্ঠিত হয়।
আজিৰ দিনতো স্থানীয় জন-সাধাৰনে সেই বাটেৰে অহা-যোৱা কঁৰোতে বা পূজা কৰিবলৈ যাওঁতে মাটিৰ পৰা বুটলি মাটিৰ টুকুৰা বা শিল গুটিৰে দলিয়াই প্ৰণাম জনায় আৰু এই প্ৰখ্যাত শিৱ মন্দিৰটো ‘ঢেল খোৱা শিৱ মন্দিৰ ‘ হিচাপে জনাজাত হৈ থাকিল।