কংগ্ৰেছ নেতা তথা এআইচিচিৰ মুখপাত্ৰ পৱন খেৰাক ৰায়পুৰ অভিমুখী বিমানৰ পৰা নমাই দিল্লী বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে সতীৰ্থৰ সৈতে দিল্লীৰ পৰা ৰায়পুৰলৈ গৈছিল পৱন খেৰা। বৰ্ডিং পাছ লৈ বিশেষ ইণ্ডিগ’ বিমানখনৰ আসন গ্ৰহণৰ পিছত বিমান পৰিচাৰকসকলে আহি তেওঁক ডিপিচিয়ে লগ কৰিব বুলি অৱগত কৰে ৷ যাৰ বাবে তেওঁক বিমানৰ পৰা নামি যাবলৈ কোৱা হয় ৷ লগতে তেওঁক বিমানখনেৰে ৰায়পুৰলৈ যাবলৈ দিয়া হোৱা নাই বুলিও অৱগত কৰা হয়। ইয়াৰ পাছতে পৱন খেৰা বিমানৰ পৰা নামি আহে ৷ কংগ্ৰেছ নেতা কে চি বেনুগোপাল, সুপ্ৰিয়া শ্ৰীনাতে, ৰনদীপ সিং সুৰজেৱালা আদিকে ধৰি কেইবা গৰাকীয়ো নেতা তেওঁৰ লগতে বিমানখনৰ পৰা নামি আহিছিল।
শেহতীয়াকৈ এখন সংবাদমেলত ব্যৱসায়ী গৌতম আদানিৰ অনিয়মৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিবলৈ গৈ পৱন খেৰাই প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ দামোদৰদাস মোডীৰ সলনি নৰেন্দ্ৰ গৌতম দাস মোদী বুলি উল্লেখ কৰে। ৰাজনৈতিক মহলত হুলস্থুলৰ সৃষ্টি হৈছিল। পৱনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল বিজেপিয়ে। খেৰাৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা হয়। সেই ভিত্তিতে তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ইণ্ডিগ’ বিমানখনৰ সন্মুখত বহি পৱন খেৰাক বিমানখনৰ পৰা অন্যায়ভাৱে আঁতৰোৱাৰ প্ৰতিবাদত কংগ্ৰেছ নেতাসকলে প্ৰতিবাদ সাব্যস্ত কৰে। সেই সময়ত অসম আৰক্ষীয়ে খেৰাক গ্ৰেপ্তাৰ কৰে । বিমানবন্দৰৰ বাহিৰতো কংগ্ৰেছ কর্মীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷