প্ৰায় দুটা দশক অপেক্ষাৰ অন্তত ‘হেৰা ফেৰী ৩’ ছবিখনত একেলগে পৰ্দালৈ ঘূৰি আহিছে অক্ষয় কুমাৰ-সুনীল শ্বেট্টী-পৰেশ ৰাৱাল। দৰ্শক আৰু অনুৰাগীয়ে ছবিখনৰ বাবে অপেক্ষা কৰি আছে। সেই ছবিখনৰ মুক্তিৰ সমান্তৰালকৈ আৰু এটা ভাল খবৰ আহিছে অনুৰাগীলৈ। অক্ষয় কুমাৰ, সুনীল শেট্টী আৰু পৰেশ ৰাৱালক কেৱল ‘হেৰা ফেৰী ৩’ত নহয়, আৰু দুখন ছবিত একেলগে পৰ্দাত দেখা পোৱা যাব। ছবিখনৰ নিৰ্মাতাসকলে ‘ৱেলকাম ৩’ আৰু ‘আৱাৰা পাগল দীৱানা ২’ৰ বাবে ‘হেৰা ফেৰী’ খ্যাতি তিনি অভিনেতাক ঘূৰাই আনিবলৈ আগ্ৰহী। তেওঁলোকৰ সৈতে একেলগে দেখা যাব বলীউডৰ আন এক জনপ্ৰিয় যুটি – মুন্নাভাই আৰু চাৰ্কিট। প্ৰাপ্ত তথ্য অনুসৰি ছবিখনৰ নিৰ্মাতাসকলে ‘ৱেলকাম ৩’ ছবিখনৰ বাবে সঞ্জয় দত্ত আৰু আৰ্শ্বদ ৱাৰ্ছীক চুক্তিবদ্ধ কৰিবলৈ আগ্ৰহী।
২০০০ চনত মুক্তি পাইছিল হেৰা ফেৰী। এজন ঘৰৰ মালিক আৰু তেওঁৰ দুজন ভাড়াতীয়াৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য। ৰাজু আৰু শ্যাম দুজন ভাড়াতীয়াই চাকৰি বিচাৰি হাহাকাৰ কৰে ৷ফলত তেওঁলোকৰ বাবে ঘৰৰ মালিক বাবুৰাওক ভাড়া দিয়াটো কঠিন হৈ পৰে। এনে সময়ত ভুল নম্বৰৰ পৰা তেওঁলোকৰ ঘৰলৈ ফোন আহিল। সেই ভুল নম্বৰৰ পৰা অহা ফোনটো হৈ পৰিল তেওঁলোকৰ আৰ্থিক সমস্যাৰ সমাধান। প্ৰিয়দৰ্শনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে দৰ্শকে প্ৰশংসা কৰে। আনকি, ছবিখন মুক্তি পোৱাৰ বহু বছৰৰ পাছতো ‘হেৰা ফেৰী’ এতিয়াও অতি জনপ্ৰিয়। জনপ্ৰিয়তাৰ বাবেই ২০০৬ চনত পৰিচালক নীৰজ বৰাই ফ্ৰেঞ্চাইজিৰ দ্বিতীয়খন ছবি ‘ফিৰ হেৰা ফেৰী’ লৈ ঘূৰি আহে। ‘হেৰা ফেৰী’ৰ সমান জনপ্ৰিয়তা লাভ নকৰিলেও বক্স অফিচত সফল হৈছিল ‘ফিৰ হেৰা ফেৰী’। ১৭ বছৰৰ পাছত এইবাৰ নিৰ্মাতাসকলে ফ্ৰেঞ্চাইজিৰ তৃতীয়খন ছবিৰ কাম আৰম্ভ কৰিছে। এই ছবিখন পৰিচালনাৰ দায়িত্বত আছে ফাৰহাদ ছামজী।
‘হেৰা ফেৰী ৩’ৰ পিছত অক্ষয় কুমাৰে ‘ৱেলকাম ৩’ৰ কাম কৰিব। প্ৰথমে সেই ছবিখনৰ নাম ৰখা হৈছিল ‘ৱেলকাম টু দ্য জংগল’ ৰখা হৈছিল । পৰৱর্তী সময়ত ছবিখনৰ নাম ‘ৱেলকাম ৩’ ৰখাৰ বাবে নির্মাতাসকলে অধিক আগ্ৰহী। ‘হেৰা ফেৰী ৩’ৰ শ্বুটিং শেষ হোৱাৰ পিছত, বা ছবিখন মুক্তি পোৱাৰ পিছত আৰম্ভ হ’ব ‘ৱেলকাম ৩’ৰ শ্বুটিং।সঞ্জয় দত্ত আৰু আৰ্শ্বদ ৱাৰ্ছীয়ে ক্ৰুত যোগদান কৰিব। অৱশ্যে ছবিখনৰ পৰিচালনাৰ দায়িত্ব এতিয়াও চূড়ান্ত হোৱা নাই।