আন্তঃৰাষ্ট্ৰীয় টি-২০ত লজ্জাজনক নজিৰ গঢ়িলে আইল অৱ মেনে স্পেইনৰ বিৰুদ্ধে মাত্ৰ ১০ ৰানত গোটেই দলটো আউট হয় । স্পেইনে মাত্ৰ ২টা বল খেলি মেচখনত জয়লাভ কৰে। পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত এটা ইনিংছত ইমান কম ৰান আগতে কেতিয়াও হোৱা নাছিল। বিগ বেছত ছিডনী থাণ্ডাৰে ১৫ ৰান সংগ্ৰহ কৰে। সেইটোৱেই আছিল এতিয়ালৈকে এটা ইনিংছত সৰ্বনিম্ন ৰান।
আইৰিছ সাগৰৰ এই দ্বীপটোৰ বেটছমেনসকলে স্পেনিছ বলাৰৰ সন্মুখত বেছি দেৰি টিকি থাকিব নোৱাৰিলে ৷ স্পেইনৰ হৈ মহম্মদ কামৰাণ আৰু আতিফ মেহমুদে ৪টাকৈ উইকেট দখল কৰে। দুয়োজনে ৮ অভাৰত ৩ টা মেডেন অভাৰ কৰে। কামৰাণেও হেট্ৰিক অৰ্জন কৰে। স্পিনাৰ লৰ্ণ বাৰ্ণছে বাকী ২টা উইকেট দখল কৰে । মাত্ৰ ৮.৪ অভাৰতে সমগ্ৰ দলটো আউট হয়। খেলখনত স্পেইনে জয়লাভ কৰে।
ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তুৰস্কই এটা ইনিংছত সৰ্বনিম্ন ৰান সংগ্ৰহ কৰিছিল। ২০১৯ চনত চেক গণৰাজ্যৰ বিৰুদ্ধে ২১ ৰানত আউট হৈছিল দলটো। এইবাৰ বিগ বেছত এডিলেইড ষ্ট্ৰাইকাৰছৰ বিৰুদ্ধে ৫.৫ অভাৰত ১৫ ৰানত আউট হৈছিল ছিডনী। আইল অৱ মেনে সেই সকলোবোৰ নজিৰ ভংগ কৰিলে।