VOICE 24x7
Friday, March 31, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 27, 2023
in ৰাজনীতি
কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

 

কংগ্ৰেছৰ বিজ্ঞাপনৰ পৰা নোহোৱা হৈ গ’ল মৌলানা আবুল কালাম আজাদৰ ছবি। যাৰ বাবে কংগ্ৰেছ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। শেষত পৰিস্থিতি চম্ভালিবলৈ দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে বিষয়টোত হস্তক্ষেপ কৰিছে ৷ তেওঁ টুইট কৰি কয় যে এয়া ‘ক্ষমা কৰিব নোৱাৰা ভুল’ হৈছে। লগতে ভুলটো শুধৰণি কৰি গাফিলতিৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়।

 

দেওবাৰৰ পৰা আৰম্ভ হৈছে ৰায়পুৰত অনুষ্ঠিত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশন  ৷ এই উপলক্ষে বিভিন্ন বাতৰি কাকতত এটা বিজ্ঞাপন প্ৰকাশ পাইছিল। বিজ্ঞাপনটোত কংগ্ৰেছৰ উত্তৰাধিকাৰ প্ৰকাশৰ বাবে প্ৰাক্তন কংগ্ৰেছ নেতা- প্ৰধানমন্ত্ৰীৰ ফটো প্ৰকাশ কৰা হৈছিল। মহাত্মা গান্ধীৰ লগতে জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীকো বিজ্ঞাপনত দেখুওৱা হয়। বিজ্ঞাপনটোৰ তলত দলটোৰ বৰ্তমানৰ শীৰ্ষ নেতৃত্ব ক্ৰমে সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন দুগৰাকী সভাপতি ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ছবিও অন্তভূর্ক্ত কৰা হৈছে । কিন্তু দুবাৰৰ কংগ্ৰেছ সভাপতি আজাদৰ ছবি বিজ্ঞাপনত নাছিল।

 

এই বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছত সমগ্ৰ দেশতে সমালোচনা আৰম্ভ হৈছিল। এই সন্দৰ্ভত কংগ্ৰেছৰ ভিতৰৰ কেইবাজনো নেতাই ক্ষোভ প্ৰকাশ কৰে। কংগ্ৰেছক আক্ৰমণ কৰি বিজেপিয়ে কয়, “এয়া কংগ্ৰেছৰ দ্বিধাবোধৰ প্ৰমাণ।“ সমাজবাদী পাৰ্টিৰ দৰে দলেও কংগ্ৰেছক আক্ৰমণ কৰিবলৈ এৰি নিদিলে ৷ তেওঁলোকে দাবী কৰে যে কংগ্ৰেছে ভোটৰ স্বাৰ্থত ‘ইচ্ছাকৃত ভুল’ কৰিছে।  কংগ্ৰেছ ত্যাগ কৰা  গুলাম নবী আজাদে কয় যে কংগ্ৰেছৰ এই বিজেপি সদৃশ  নীতিৰ বাবেই তেওঁ দল এৰিবলৈ বাধ্য হৈছিল।

 

ইতিহাসবিদৰ এটা অংশৰ মতে আজাদৰ অবিহনে দেশৰ স্বাধীনতা সংগ্ৰামৰ বৰ্ণনা সম্ভৱ নহয়। তেওঁ ব্ৰিটিছ বিৰোধী সংগ্ৰামত যোগদান কৰি দহ বছৰ কাৰাবাস খাটিছিল। ইতিহাসবিদ ইৰফান হাবিবৰ মতে দেশত হিন্দু-মুছলমান ঐক্যৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা নেতাসকলৰ ভিতৰত আজাদ অন্যতম। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী হিচাপেও তেওঁৰ কৃতিত্বৰ স্বাক্ষৰ আছে। একাংশই প্ৰশ্ন উত্থাপন কৰে যে কংগ্ৰেছে এই আজাদক পাহৰিব বিচাৰে নেকি !

Previous Post

লোকচান পুৰাবলৈ অষ্ট্ৰেলিয়াৰ কয়লা খনি বন্ধকত ৰাখি ঋণ লোৱাৰ চেষ্টা আদানীৰ

Next Post

১০ ৰানতে আউট হ’ল সমগ্ৰ দল, ২ টা বল খেলিয়েই জয়লাভ প্ৰতিপক্ষৰ , আন্তঃৰাষ্ট্ৰীয় টি-২০ত কোনে গঢ়িলে লজ্জাজনক নজিৰ !!

Related Posts

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন
ৰাজনীতি

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?
ৰাজনীতি

লগত দলীয়া নেতা কর্মীক লৈ কিয় ধর্ণাত বহিল মমতা বেনার্জী ?

March 29, 2023
সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়
ৰাজনীতি

সাংসদ পদ নাকচ হোৱাৰ পিছত এইবাৰ বাংলো খালী কৰিব লাগিব ৰাহুল গান্ধীয়ে, জাননী জাৰি কৰি দিলে এমাহৰ সময়

March 28, 2023
ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!
ৰাজনীতি

ৰাছিয়াত জি জিনপিং, ইউক্ৰেইনত জাপানৰ প্ৰধানমন্ত্ৰী, কি বার্তা দিব বিচাৰিছে দুই ৰাষ্ট্ৰনেতাৰ !!

March 22, 2023
আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন
ৰাজনীতি

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

March 20, 2023
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
ৰাজনীতি

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

March 17, 2023
Next Post
১০ ৰানতে আউট হ’ল সমগ্ৰ দল, ২ টা বল খেলিয়েই জয়লাভ প্ৰতিপক্ষৰ , আন্তঃৰাষ্ট্ৰীয় টি-২০ত কোনে গঢ়িলে লজ্জাজনক নজিৰ !!

১০ ৰানতে আউট হ’ল সমগ্ৰ দল, ২ টা বল খেলিয়েই জয়লাভ প্ৰতিপক্ষৰ , আন্তঃৰাষ্ট্ৰীয় টি-২০ত কোনে গঢ়িলে লজ্জাজনক নজিৰ !!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7