তেওঁলোকৰ সম্পৰ্কৰ উৰাবাতৰি দক্ষিণৰ ছবি উদ্যোগত নতুন নহয়। পৰ্দাৰ সন্মুখতেই হওক বা পৰ্দাৰ আঁৰতেই হওক, দক্ষিণৰ দুগৰাকী তাৰকা প্ৰভাস আৰু অনুষ্কা শ্বেট্টীৰ কেমিষ্ট্ৰীয়ে সকলোকে আকর্ষিত কৰি আহিছে । ২০০৯ চনত দুয়োৰে লগ হৈছিল ‘বিলা’ ছবিৰ চেটত। সেই ছবিখনত প্ৰথমবাৰৰ বাবে প্ৰভাস আৰু অনুষ্কাই একেলগে কাম কৰিছিল। ইয়াৰ পিছত দুয়োগৰাকী তাৰকাই একেলগে কেইবাখনো ছবিত কাম কৰিছিল। ‘বাহুবলী’ ফ্ৰেঞ্চাইজিৰ ছবি দুখনত তেওঁলোকৰ অভিনয়ে দৰ্শকৰ পৰা সমালোচকলৈকে সকলোৱে আমোদ দিছিল। অৱশ্যে শেহতীয়াকৈ দুয়োগৰাকী তাৰকাক একেলগে দেখা পোৱা নাই ৷
প্ৰভাস আৰু অনুষ্কা শেট্টীৰ মাজত এক দূৰত্ব গঢ় লৈ উঠিছে। প্ৰকাশ পোৱা অনুসৰি অনুষ্কাৰ প্ৰেমত পৰিছে উদ্যোগটোৰ এগৰাকী জনপ্ৰিয় অভিনেতা। সেইবাবেই প্ৰভাসে তেওঁৰ পৰা দূৰত্ব বঢ়াই দিছে। আনকি, দুয়ো তাৰকাৰ মাজত বিচ্ছেদৰ খবৰো ওলাইছে । যদিও প্ৰভাস আৰু অনুষ্কাই তেওঁলোকৰ সম্পৰ্কক লৈ ৰাজহুৱা স্থানত কেতিয়াও মুখ খোলা নাই। কিন্তু দুয়োগৰাকী তাৰকাৰ আচৰণ বিভিন্ন অনুষ্ঠানত অনুৰাগীৰ চকুৰ পৰা সাৰি যোৱা নাই। দুয়ো তাৰকাৰ বিচ্ছেদৰ খবৰে হতাশ কৰিছে অনুৰাগীক ৷
অনুষ্কা শ্বেট্টীৰ সৈতে দূৰত্ব বৃদ্ধি কৰাৰ পাছত ‘বাহুবলী’ তাৰকাগৰাকীয়ে কৃতি শ্বেননৰ সৈতে নতুন সম্পর্ক গঢ়ি তুলিছে ৷ ‘আদিপুৰুষ’ ছবিখনত কৃতি আৰু প্ৰভাসে একেলগে কাম কৰিছিল। ছবিখনৰ চেটৰ পৰাই দুয়োজন অভিনেতাৰ বন্ধুত্ব আৰম্ভ হৈছে। সেই বন্ধুত্ব প্ৰেমলৈ পৰিণত হৈছে ৷ ‘আদিপুৰুষ’ৰ টিজাৰ মুকলি অনুষ্ঠানতো মঞ্চত দুয়োকে একেলগে দেখা গৈছিল ৷ অৱশ্যে সাংবাদিকৰ প্ৰশ্নৰ সন্মুখত প্ৰভাস বা কৃতিৰ কোনোৱেই এই সম্পৰ্ক স্বীকাৰ নকৰিলে। যোৱা মাহত এজন স্বঘোষিত চিনেমা সমালোচকে টুইটাৰত দাবী কৰিছিল যে কৃতি আৰু প্ৰভাসে মালদ্বীপত বাগদান সম্পন্ন কৰিব ৷ অৱশ্যে তেওঁৰ এই দাবী সঁচা নাছিল।
যোৱা বছৰ বলীউডৰ অভিনেতা বৰুণ ধাৱনে ‘ভেৰিয়া’ ছবিৰ প্ৰচাৰৰ সময়ত কৃতিৰ প্ৰেম কাহিনী মুকলিকৈ প্ৰকাশ কৰিছিল। কৰণ জোহৰৰ এক শ্ব’ত কৃতি আৰু প্ৰভাসৰ সম্পর্কৰ ইংগিত দিছিল বৰুণে ৷