বিশ্ব মঞ্চত দেশৰ নাম উজ্জ্বল কৰি তুলিলে দীপিকা পাডুকনে। বৃহস্পতিবাৰে নিশা ঘোষণা কৰা হয় ২০২৩ চনৰ অস্কাৰ বটাপ্ৰদানকাৰীৰ নাম। সেই তালিকাত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় হৈছে দীপিকা পাডুকন৷ কেইমাহমান পূৰ্বে ফিফা বিশ্বকাপৰ ট্ৰফী উদ্বোধন কৰা প্ৰথমজন ভাৰতীয় হিচাপে খ্যাতি লাভ কৰিছিল দীপিকাই । বলীউডৰ মস্তানী এইবাৰ অস্কাৰৰ মঞ্চত ভাৰতৰ প্ৰতিনিধি হিচাপে অংশ ল’ব । এই খবৰ সন্দৰ্ভত বিতৰ্কিত পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
অহা ১২ মাৰ্চত অনুষ্ঠিত হ’ব ৯৫ সংখ্যক একাডেমী বঁটা। অস্কাৰৰ মঞ্চত উপস্থিত থাকিব দেশ-বিদেশৰ তাৰকা। তাত এমিলি ব্লাণ্ট, চেমুৱেল এল জেকচন, ড্ৱেইন জনছন, মাইকেল জৰ্ডান আদিৰ সৈতে জিলিকি উঠিব বলীউডৰ তাৰকা দীপিকা।
অভিনেত্ৰীগৰাকীৰ সফলতাৰ খবৰৰ সন্দৰ্ভত ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালকগৰাকীয়ে টুইট কৰি কয় যে, “যেতিয়া মই মোৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ লৈ গৈছিলো, তেতিয়া আমেৰিকাৰ দৰ্শকৰ পৰা বিপুল সঁহাৰি পাইছিলোঁ। আচলতে সকলোৱে ভাৰতলৈ আহিব বিচাৰে ৷বৰ্তমান ভাৰত অন্যতম লাভজনক ঠাই। ভাৰতীয় চিনেমাৰ এই বছৰ।“
বিবেক অগ্নিহোত্ৰী ইতিমধ্যে নৰেন্দ্ৰ মোডীৰ স্বঘোষিত অনুৰাগী। আনহাতে দীপিকা বাৰে বাৰে হিন্দুত্ববাদী শিৱিৰৰৰ ক্ৰোধৰ সন্মুখীন হৈছে ৷ ‘পাঠান’ ছবিৰ পোচাক বা দিল্লীৰ জে এন ইউত ছাত্ৰ আন্দোলনত অভিনেত্ৰীগৰাকীৰ উপস্থিতি হওক। দীপিকা সমালোচিত হৈ আহিছে। দীপিকাৰ স্বামী ৰণবীৰ সিঙে এই খবৰত আনন্দ প্ৰকাশ কৰিছে ৷