৯ মাৰ্চৰ পুৱা প্ৰবীণ অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ বিয়োগ ঘটে ৷ হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছে বুলি আশংকা কৰা হৈছে । দিল্লীৰ বন্ধু এজনৰ ফাৰ্ম হাউচত হোলী পাৰ্টিত উপস্থিত আছিল সতীশ। তাতে তেওঁৰ অস্বস্তি অনুভৱ হোৱাত গাড়ীৰে চিকিৎসালয়লৈ যোৱাৰ পথতেই মৃত্যু হয় অভিনেতা-পৰিচালকজনৰ। সতীশৰ মৃত্যুৰ কিছুদিন পিছতে দিল্লী আৰক্ষীয়ে দক্ষিণ-পশ্চিম দিল্লীৰ ফাৰ্ম হাউচটোত অভিযান চলায়। সেই ফাৰ্ম হাউচৰ পৰা কেইবাটাও ঔষধ উদ্ধাৰ কৰা হৈছিল।
সতীশ কৌশিক সেই ঔষধৰ মৃত্যুৰ লগত কি সম্পৰ্ক? ইয়াৰ উত্তৰ পাবলৈ দিল্লী আৰক্ষীয়ে অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ বাবে অপেক্ষা কৰি আছে। প্ৰাপ্ত তথ্য অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতে আৰক্ষীয়ে তদন্তৰ কাম আগবঢ়াই নিব। প্ৰয়াত অভিনেতাগৰাকীৰ হৃদযন্ত্ৰ আৰু তেজৰ নমুনা আন কিছু পৰীক্ষাৰ বাবে ৰখা হৈছে। চিকিৎসকে মৃত্যুৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই। তদন্তকাৰীয়ে প্ৰকাশ কৰিছে যে এসপ্তাহ বা ১৫ দিনৰ ভিতৰত বিতং প্ৰতিবেদন দিলে অভিনেতাজনৰ মৃত্যুৰ কাৰণ সম্পৰ্কে স্পষ্ট ধাৰণা পোৱা যাব।
দিল্লী আৰক্ষীয়ে ইতিমধ্যে দিল্লীৰ ফাৰ্ম হাউচটোত তালাচী চলাই কেইবাটাও ঔষধ উদ্ধাৰ কৰিছে। তদন্তকাৰীয়ে পাৰ্টিত উপস্থিত থকা লোকৰ সম্পূৰ্ণ তালিকা বিচাৰিছে। পাৰ্টিত উপস্থিত আছিল এজন অতিথি, যিজন এটা গোচৰত অভিযুক্ত আছিল ৷
‘মিষ্টাৰ ইণ্ডিয়া’ত কেলেণ্ডাৰৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় আছিল অভিনেতাগৰাকী। তেওঁ ‘তেৰে নাম’ৰ দৰে ছবিও পৰিচালনা কৰিছিল। যোৱা ৭ মাৰ্চত গীতিকাৰ জাভেদ আখতাৰে আয়োজন কৰা হোলী মহোৎসৱতো তেওঁক দেখা গৈছিল। ইয়াৰ পিছত তেওঁ দিল্লীৰ হোলী পাৰ্টিলৈ আহিছিল ৷