এইচ ৩এন২ ভাইৰাছৰ ফলত দেশত প্ৰথমবাৰৰ বাবে দুজন লোকৰ মৃত্যু হৈছে ৷ নিহতসকলৰ এজন হাৰিয়ানাৰ, আনজন কৰ্ণাটকৰ। এই খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন মহলত আতংকৰ সৃষ্টি হ’ল। চিকিৎসকৰ মতে, এইবাৰ ভাইৰাছে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে সাৱধান হোৱাটো জৰুৰী। কিন্তু কেনেকৈসাৱধান হ’ব আপুনি ?
এইচ ৩এন২ ভাইৰাছৰ ক্ৰমবৰ্ধমান পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে চিকিৎসক। চিকিৎসকে দাবী কৰিছে যে যোৱা ছমাহত এই ভাইৰাছে অভাৱনীয়ভাৱে ৰূপ সলনি কৰিছে। এই ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ফ্লুক ‘হংকং ফ্লু’ বুলি কোৱা হয়। ইনফ্লুৱেঞ্জা এ ভাইৰাছৰ এই উপপ্ৰকাৰটো আন উপপ্ৰকাৰতকৈ অধিক সংক্ৰামক। এতিয়া এইচ ৩এন২ ভাইৰাছৰ সংক্ৰমণ ক্ষমতা বৃদ্ধি পাইছে। বিশেষকৈ শ্বাস-প্ৰশ্বাস আৰু হাওঁফাওঁৰ সংক্ৰমণৰ ফলত স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে ৷ এই ভাইৰাছে বহু ক্ষেত্ৰত মাৰাত্মক।
স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি কৰ্ণাটকত এইচ ৩এন২ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিজনৰ বয়স আছিল ৮২ বছৰ। ব্যক্তিজন ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত। এই পৰিস্থিতিত স্বাস্থ্য বিশেষজ্ঞসকলে কোমৰবিডিটি থকা বৃদ্ধসকলক বিশেষভাৱে সাৱধান হ’বলৈ আৰু জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে। বিশেষকৈ যিসকলৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হৃদযন্ত্ৰৰ সমস্যা বা বৃক্কৰ ৰোগ আছে, তেওঁলোকে বাহিৰলৈ ওলাই যোৱাৰ ক্ষেত্ৰত অতি সাৱধান হ’ব লাগে। এই ভাইৰাছৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হোৱাৰ বাবে ‘ইণ্টেনচিভ কেয়াৰ ইউনিট’ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। সেয়েহে স্বাস্থ্যকৰ্মীসকলৰ ওপৰত যথেষ্ট হেঁচা পৰিব বুলি আশংকা কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। এই ভাইৰাছৰ পৰা শিশুসকলক বিশেষভাৱে সাৱধান হ’বলৈও কেন্দ্ৰই সকীয়াই দিছে।
এইচ ৩এন২ ভাইৰাছৰ সমান্তৰালকৈ এডিন’ভাইৰাছৰ উত্থানক লৈও চিন্তিত হৈ পৰিছে চিকিৎসা সমাজ। যোৱা দুমাহত এই ভাইৰাছে শিশুৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ ক্ষতিসাধন কৰিছে। ইয়াৰ বাবেই পশ্চিম বংগত বহু শিশুৰ মৃত্যু হৈছে। এই ক্ষেত্ৰতো শিশুসকলক ‘ইণ্টেনচিভ কেয়াৰ ইউনিট’ত ৰখাৰ প্ৰয়োজন আছে।
ঋতু পৰিবৰ্তনৰ সময়ত এই ভাইৰাছৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। কোভিডৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ আমি মাস্ক পৰিধান কৰিবলৈ পাহৰিছো, যাৰ ফলত এইচ ৩এন২ .এডেনো ভাইৰাছৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱে সহজে শৰীৰত ঘটিছে ৷ হাত ধোৱাৰ কথা আহিলে পানী বা চাবোনৰ বিকল্প নাই। কিন্তু যদি সকলোতে চাবোন আৰু পানী পোৱা নাযায়, তেন্তে চেনিটাইজাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। সংক্ৰমণ প্ৰতিৰোধ কৰিব বিচাৰিলে হাত নোধোৱাকৈয়েই খাদ্য নাখাব ৷ চকু, মুখ বা নাক স্পৰ্শ অপৰিস্কাৰ হাতেৰে স্পর্শ নকৰিব ৷