শেহতীয়াকৈ টেষ্ট ক্ৰিকেটত শতৰাণেৰে পুনৰ উজলি উঠিছে কিং কোহলি ৷ অসুস্থ শৰীৰেৰে বিৰাট কোহলীয়ে খেলিছিল টেষ্ত মেচ ৷ এই কথা প্ৰকাশ কৰিছে কোহলিৰ পত্নী অনুষ্কাই ৷ কেনেধৰণৰ শাৰিৰীক অসুস্থতাত তেওঁ ভুগি আছিল সেয়া জানিব পৰা হোৱা নাই ৷ পত্নী অনুষ্কা শৰ্মাই কয় যে বিৰাটে শাৰীৰিক অসুস্থতাৰে আহমেদাবাদ টেষ্ট খেলিছিল। তেওঁ ১৮৬ ৰানৰ এক সুন্দৰ ইনিংছ উপহাৰ দিলে ৷ খেলিবলৈ অহাৰ সময়ত বিৰাটে গমেই পাবলৈ নিদিলে যে তেওঁ অসুস্থ ।
১২০৫ দিনৰ পিছত টেষ্ট শতক অর্জন কৰে বিৰাটে ৷ তেওঁৰ ইনিংছত ভাৰতে ৯১ ৰানৰ অগ্ৰগতি লাভ কৰে। বিৰাট আউট হোৱাৰ পিছত অনুষ্কাই ইনষ্টাগ্ৰামত এটা পোষ্ট কৰে খেলুৱৈ গৰাকীৰ অসুস্থ আছিল বুলি প্ৰকাশ কৰে । তেওঁ লিখিছে, “বেমাৰৰ সৈতে খেলি, এতিয়াও লক্ষ্যত। তুমি সদায় মোৰ প্ৰেৰণা। ”
ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ২০১৯ চনৰ ২৩ নৱেম্বৰৰ পাছত শতক অৰ্জন কৰা নাছিল। শুভমন আউট হোৱাৰ সময়তো ভাৰত ২৩৫ ৰান পিছ পৰি আছিল। এজন বেটছমেনে ডাঙৰ ৰানৰ ইনিংছ খেলিব লগা হৈছিল। সেই দায়িত্ব বিৰাটে নিজৰ কান্ধত তুলি লৈছিল। ১০৮ সংখ্যক টেষ্ট খেলিবলৈ অহা বিৰাটে ইনিংছৰ গতি নিয়ন্ত্ৰণ কৰিব জানে। সেই অভিজ্ঞতা বিৰাটৰ সমগ্ৰ ইনিংছতে দেখা গ’ল।