বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ এম জগদীশ কুমাৰে কয় যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সহকাৰী অধ্যাপক হিচাপে চাকৰিৰ বাবে ডক্টৰ অৱ ফিল’ছফী বা পি এইচ ডি ডিগ্ৰী বাধ্যতামূলক নহয়। তেওঁ কয়, এতিয়াৰে পৰা ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা বা নেটত উত্তীৰ্ণ হ’লেই কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত চাকৰি কৰিব পাৰিব ৷
হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয় চৌহদত নতুনকৈ নিৰ্মাণ কৰা ইউজিচি-এইচআৰডিচি ভৱন উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে জগদীশ কুমাৰ । তাত তেওঁ কয় যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আৰু পি এইচ ডি ডিগ্ৰী বাধ্যতামূলক বুলি গণ্য কৰা নহ’ব।
পি এইচ ডি ডিগ্ৰী নথকাৰ বাবে বিশ্ববিদ্যালয়ত পাঠদান কৰিবলৈ অক্ষম হৈ পৰিছে বিভিন্ন প্ৰান্তৰ অৰ্হতাসম্পন্ন প্ৰাৰ্থী। তেওঁ কয় যে তেওঁলোকৰ কথা ভাবি এই সিদ্ধান্ত লোৱা হৈছে। এইদৰে অধ্যাপকসকলক উচ্চ পৰ্যায়ত পাঠদানৰ সুযোগ দিয়া হৈছে।
তেওঁ লগতে কয় যে ইউজিচিয়ে এখন দেশ-এক তথ্য সন্নিবিষ্ট কৰা পৰ্টেল খুলিছে। তাৰ পৰাই প্ৰাৰ্থীসকলে তেওঁলোকৰ সকলো নিয়ম আৰু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। ইয়াৰ সমান্তৰালকৈ অহা শিক্ষাবৰ্ষৰ পৰা ৰাষ্ট্ৰীয় ডিজিটেল বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হ’ব।
ইয়াৰ পূৰ্বে ইউজিচিয়ে কেন্দ্ৰীয় বিশ্ববিদ্যালয় এখনত সহকাৰী অধ্যাপক পদৰ বাবে আবেদনৰ বাবে নূন্যতম অৰ্হতা হিচাপে পি এইচ ডি ডিগ্ৰীৰ কথা উল্লেখ কৰিছিল। কেন্দ্ৰই গাইডলাইন সংশোধন কৰে। এই নিৰ্দেশনা ২০২১ চনৰ পৰা কাৰ্যকৰী হোৱাৰ কথা আছিল। কিন্তু ক’ভিড মহামাৰীৰ বাবে প্ৰক্ৰিয়াটো পলম হ’ল। সেই সময়ত বিশ্ববিদ্যালয়সমূহত নিযুক্তি নেট ফলাফলৰ জৰিয়তে কৰা হৈছিল।