এগৰাকী মহিলাই কোনো পুৰুষক সংগ দিবলৈ ৰাজি হোৱা মানেই তেওঁৰ সৈতে যৌন সম্পর্ক স্থাপন কৰিবলৈ সন্মত হ’ব বুলি কোনো কথা নাই ৷ এয়া প্ৰকাশ কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷ এই সম্পর্কত ন্যায়াধীশ অনুপ জয়ৰাম ভাম্বানীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে সংগ দিবলৈ ইচ্ছুক অৰ্থ মানেই তেওঁ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ ইচ্ছুক, সেয়া কেতিয়াও নহয়! আনকি, মহিলাগৰাকীয়ে পুৰুষজনৰ লগত কিমান দিন বা কিমান সময় আছে, সেয়াও যৌন সম্পৰ্ক স্থাপনৰ পূৰ্বচৰ্ত হ’ব নোৱাৰে বুলি ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে ৷
চেক গণৰাজ্যৰ এগৰাকী মহিলাৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগত অভিযুক্ত সঞ্জয় মালিক ওৰফে সন্ত সেৱক দাসৰ অধিবক্তাই কয় যে মহিলাগৰাকী দীৰ্ঘদিন ধৰি তেওঁৰ ক্লায়েণ্টৰ সৈতে আছিল। দাসৰ জামিন আবেদন খাৰিজ কৰি ন্যায়াধীশ গৰাকীয়ে কয় য, “যদি কোনো মহিলাই কোনো পুৰুষৰ সৈতে থাকিবলৈ সন্মতি দিয়ে, যিমান দিনৰ বাবেই নহওক কিয় তাৰ বাবেই সেই পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সন্মতি দিয়া বুলি ধৰি ল’ব নোৱাৰি।”
নাৰীৰ ওপৰত হোৱা যৌন নির্যাতনৰ বহু গোচৰৰ শুনানিৰ সময়ত ভুক্তভোগীয়ে কিদৰে নিযৰাতিত হয় সেয়া পোহৰলৈ আহে ৷ আইনী বিশেষজ্ঞৰ এটা অংশই বিশ্বাস কৰে যে মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ ফলত সেই ‘অসৎ কাৰ্য্যৰ ধাৰাবাহিকতা’ৰ অন্ত পেৰাব ৷