VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চাহ উদ্যোগৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ বাজেটে, চৰকাৰৰ পদক্ষেপক প্ৰশংসা নেটাৰ

voicedesk by voicedesk
March 17, 2023
in মনোৰঞ্জন
চাহ উদ্যোগৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰৰ বাজেটে, চৰকাৰৰ পদক্ষেপক প্ৰশংসা নেটাৰ

Fresh garden green tea leafs

0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাৰ মজিয়াত দাঙি ধৰা অসম চৰকাৰৰ বাজেটে ৰাজ্যৰ চাহ উদ্যোগৰ বাবে কেইবাটাও আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মন্তব্য প্ৰকাশ কৰিছে নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাই।  এক প্ৰেছ বিবৃতিযোগে নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে কয় যে অসম চৰকাৰৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটখনত ৰাজ্যৰ চাহ শ্ৰমিক সকলৰ লগতে সামগ্ৰিক ভাৱে চাহ খণ্ডৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত কেইবাখনো আঁচনি গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্ম্মা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগ ধন্যবাদৰ পাত্ৰ। বাজেটত ঘোষণা কৰা অনুসৰি অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী ৰাজ্য চৰকাৰৰ উদ্যোগত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হ’ব। বিশ্ববিখ্যাত অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ আগশাৰীৰ  নগৰ -চহৰসমূহত ৰোড শ্ব’ পতাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলৈ লোৱা পদক্ষেপে চাহক এক ব্ৰেণ্ড হিচাপে প্ৰতিপন্ন কৰাৰ লগতে অসমৰ চাহ শ্ৰমিকৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক ঐতিহ্যই সমগ্ৰ দেশতে প্ৰচাৰ লাভ কৰিব আৰু ইয়াৰ

পৰিপ্ৰেক্ষিতত দেশত চাহ সেৱনকাৰীৰ সংখ্যা ( জনমূৰি হিচাপত) বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰিও অসম চাহ উদ্যোগ বিশেষ অনুদান আঁচনি,  ২০২০ৰ অনুসৰি অৰ্থডক্স চাহৰ উৎপাদনত চৰকাৰী ৰেহাই মূল্য প্ৰতি কেজিত পূৰ্বৰ ৭ টকাৰ পৰিৱৰ্তে বৰ্তমান ১২ টকা কৰাতো আন এক আদৰণীয় পদক্ষেপ বুলি বিদ্যানন্দ বৰকাকতিয়ে জানিবলৈ দিয়ে। আনহাতে চাহ বাগিচাৰ শ্ৰমিকৰ লাইনলৈ যোৱা বাট পথৰ উন্নয়ন, শ্ৰমিকৰ পৰিয়ালৰ বিদ্যুৎ সংযোগৰ পূৰ্বৰ বকেয়া ৰেহাই দিয়া,  ৰাজ্যৰ চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকৰ বাবে চৰকাৰে আগবঢ়োৱা অনুদান বৰ্তমানৰ ১২ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ টকালৈ বৃদ্ধি কৰা,  চাহ বাগিচাৰ গুৰুত্বপূৰ্ণ এলেকাত ৫ শতাধিক মহাপ্ৰভু জগন্নাথ কমিউনিটি হল আৰু দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ লোৱা,  মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত চাহ বাগিচাসমূহত দহ সহস্ৰাধিক চাহ শ্ৰমিকৰ গৃহ নিৰ্মাণ আঁচনি ইত্যাদি ৰাজ্যৰ চাহ উদ্যোগটোক অধিক গতিশীলতা প্ৰদান কৰিব পৰা    কেইটামান উল্লেখনীয় দিশ বুলি বিবৃতিটোত উল্লেখ কৰিছে নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা গৰাকীয়ে।

Previous Post

বিবাহৰ প্ৰতি কমিছে আগ্ৰহ, অস্বাভাৱিক হাৰত কমিছে সন্তান জন্মৰ হাৰ , কোন দেশত বাঢ়িছে উদ্বেগ !

Next Post

ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা, গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা,  গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

ক্ৰমাৎ বাঢ়িছে তাপমাত্ৰা, গ্ৰীষ্মকালত শিশুক সুস্থ কৰি ৰাখিবলৈ কি তিনিবিধ খাদ্য খুৱাব ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7