যুদ্ধাপৰাধৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ সিদ্ধান্তক সমৰ্থন কৰিছে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনে। শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় , ‘আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে যুদ্ধাপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ সঠিক আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে। ইউক্ৰেইনত যুদ্ধাপৰাধৰ ক্ষেত্ৰত পুটিনৰ ভূমিকা আছে বুলি কোনো সন্দেহ নাই।“
‘ .
পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ সিদ্ধান্ত ঘোষণা কৰি শুকুৰবাৰে হেগত আইচিচিয়ে কয় , “যুদ্ধৰ সময়ত ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ দখল কৰা ভূখণ্ডৰ পৰা শিশুক বলপূৰ্বকভাৱে অপহৰণ কৰিছে ৷ এই সন্দৰ্ভত যথেষ্ট প্ৰমাণ পোৱা গৈছে।” একে অভিযোগতে ৰাছিয়াৰ শিশু অধিকাৰ কাৰ্যালয়ৰ অধ্যক্ষ ল্ভোভা বেলোভাৰ বিৰুদ্ধেও আইচিচিয়ে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে।
অৱশ্যে আমেৰিকা বা ৰাছিয়া আইচিচিৰ সদস্য নহয়। মস্কোৱে দাবী কৰে যে তেওঁলোকৰ বাবে এই ৱাৰেণ্টৰ কোনো গুৰুত্ব নাই। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই শুকুৰবাৰে কয় –“ ৰাছিয়া এই আদালতৰ অধীনত নপৰে। গতিকে এই আদালতে কি কয় আমি চিন্তা নকৰো।” আশা কৰা মতে ইউক্ৰেইনে পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানাৰ আদেশক আদৰণি জনায়।