নব্বৈৰ দশকত একছত্ৰীভাৱে জনপ্ৰিয় হৈ পৰিছিল অলকা য়াগনিক ৷ ১৪ বছৰ বয়সতে বলীউডত আত্মপ্ৰকাশ কৰে অলকা য়াগনিকে ৷ দুহেজাৰৰো অধিক গীতত তেওঁ কণ্ঠদান কৰিছে ৷ কমেও ১৬টা ভাষাত তেওঁ গীত গাইছে। ২০ মাৰ্চত অলকা য়াগনিকৰ জন্মদিন। ৱিকিপিডিয়াৰ তথ্য অনুসৰি গায়িকাগৰাকীৰ বয়স হ’ল ৫৭ বছৰ। মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘলহো অলকাই সংগীতৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল মাতৃৰ পৰা। মাত্ৰ ৬ বছৰ বয়সতে তেওঁ আকাশবাণী কলকাতাত গান গাবলৈ আৰম্ভ কৰিছিল। শিল্পীগৰাকীয়ে তেওঁৰ কেৰিয়াৰে যিমান উচ্চতা লাভ কৰিছে তাৰ বাবে সকলো কৃতিত্ব মাকক দিয়ে। ১৯৮০ চনত ‘পায়ল কী ঝংকৰ’ ছবিত তেওঁ প্ৰথম প্লেবেক কৰিছিল। তাৰ পিছত তেওঁ পিছলৈ ঘূৰি চোৱা নাই ৷ সংগীতৰ জগতখনত তেওঁৰ কৃতিত্ব যিমানেই থুপ খাই আছে, ব্যক্তিগত জীৱনো একেধৰণৰ শিল্পী গৰাকীক ৷
অলকা মাতৃৰ লগত সঘনাই দিল্লীলৈ আহিছিল ৷ নীৰজে তেঁওলোকক ষ্টেচনলৈ নিবলৈ আহিছিল। সেই সময়ত কোনেও কাকো চিনি পোৱা নাছিল। অলকাৰ মাকৰ বন্ধুৰ আত্মীয় আছিল নীৰজ। প্ৰথম দেখাতেই তেওঁলোকে ইজনে সিজনক ভাল পাইছিল। ১৯৮৯ চনত শ্বিলঙৰ ব্যৱসায়ী নীৰজৰ সৈতে বিবাহপাশত আবদ্ধ হয় অলকা । অৱশ্যে বিয়াৰ পিছত প্ৰায় ২৭ বছৰ ধৰি দুয়ো পৃথকে বাস কৰি আহিছে ৷ অলকাই কামৰ কাৰণে বছৰৰ বেছিভাগ সময় মুম্বাইতে থাকিব লগা হৈছিল। আনহাতে, ব্যৱসায়িক কাৰণত তেওঁৰ স্বামী নীৰজ কুমাৰে শ্বিলঙত থাকিব লগা হৈছিল। এই ধৰণৰ দূৰত্বৰ লগত যিকোনো সম্পৰ্ক ভাঙি যোৱাটো নিশ্চিত। কিন্তু এই ক্ষেত্ৰত অলকা ব্যতিক্ৰমী। কেৰিয়াৰৰ মাজভাগত অলকাৰ বাবে মুম্বাই এৰি যোৱাটো প্ৰায় অসম্ভৱ আছিল। আনহাতে শিলচৰৰ ব্যৱসায় এৰি যাব নোৱাৰে নীৰজে। বহুতে ভাবিছিল যে এনে বিবাহ হয়তো স্থায়ী নহ’ব। অৱশ্যে সেই ভয় ভুল বুলি প্ৰমাণ কৰি অলকা-নীৰাজে সুখী বিবাহৰ নিদৰ্শন দাঙি ধৰিলে। তেওঁলোকৰ এজনী কন্যাও আছে। অলকা-নীৰাজৰ একমাত্ৰ ছোৱালীজনীৰ বিয়া হৈছিল কেইবছৰমান আগতে।