সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতি বছৰে ২৩ মাৰ্চ তাৰিখে শ্বহীদ দিৱস পালন কৰা হয় । প্ৰতি বছৰে দেশৰ বাবে প্ৰাণ আহুতি দিয়া সাহসী লোক সকলক শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এই শ্বহীদ দিৱসৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ।
অৱশ্যে উল্লেখনীয় যে ভাৰতত দুটা ভিন ভিন দিনত অৰ্থাৎ বছৰত দুবাৰকৈ পালন কৰা হয় এই শ্বহীদ দিৱস।
মূলতঃ ১৯৩১চনৰ ২৩ মাৰ্চ তাৰিখে ভাৰতীয় স্বাধীনতা আন্দোলনৰ তিনিজন নিৰ্ভীক নেতা ভগত সিং, শিৱৰাম ৰাজগুৰু আৰু সুখদেৱ থাপাৰক ইংৰাজে ফাঁচী দিয়া দিনটোতেই সমগ্ৰ দেশে উদযাপন কৰে এই শ্বহীদ দিৱস ।
আনহাতে ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছেএ জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰাৰ বাবে সেই দিনটোতো জাতিৰ পিতাক শ্ৰদ্ধা জনাই শ্বহীদ দিৱস পালন কৰি অহা হৈছে ৷
জানোঁ আহক শ্বহীদ দিৱসৰ কিছু আমোদজনক তথ্য:-
- ১৯২৯ চনৰ ৮ এপ্ৰিলত ‘ইন্কিলাব জিন্দাবাদ’ শ্লোগান দি কেন্দ্ৰীয় বিধানসভালৈ বিস্ফোৰক নিক্ষেপ কৰাৰ বাবে ভগত সিং আৰু তেওঁৰ সঙ্গীসকলক ১৯৩১ চনত ফাঁচী দিয়া হৈছিল।
- ভগত সিং, সুখদেৱ, ৰাজগুৰুৰ ছাঁই চুতলেজ নদীৰ পাৰত সিঁচৰতি হৈ পৰিছিল।
- ১৯৪৮ চনৰ ৩০ জানুৱাৰীত বিৰলা হাউচত নাথুৰাম গডছেএ মহাত্মা গান্ধীক হত্যা কৰিছিল।
- আমোদজনক কথা যে ভাৰতত বিভিন্ন কাৰণত ১৯ মে’, ২১ অক্টোবৰ, ১৭ নৱেম্বৰ, আৰু ২৪ নৱেম্বৰতো শ্বহীদ দিৱস পালন কৰা হয়।