জ্যোতিষ শাস্ত্ৰ অনুসৰি হাতৰ তলুৱাৰ ৰেখাই মানুহৰ বিভিন্ন কথাৰ বিষয়ে ক’ব পাৰে। হাতৰ তলুৱাত হৃদয়ৰেখা , আয়ুৰেখা , শীৰ্ষৰেখা আদি কৰি বিভিন্ন ৰেখা থাকে আৰু এই ৰেখাবোৰে আমাৰ ভাগ্য নিৰ্ণয় কৰে বুলি জ্যোতিষ শাস্ত্ৰই ক’ব বিচাৰে। সোঁ হাতৰ তলুৱাত ‘ M ‘ চিহ্ন থাকিলে কি হয় জানো আহক—-
জ্যোতিষ শাস্ত্ৰ অনুসৰি সোঁহাতৰ তলুৱাত ‘ M ‘ চিহ্ন থকা ব্যক্তি অসাধাৰণ আৰু বহুত বেছি ভাগ্যবান হয়। এই ‘M’ চিহ্নটি হৃদয় ৰেখা , মস্তিষ্ক ৰেখা আৰু জীৱন ৰেখাৰ লগত জড়িত হৈ থাকে। সকলোৰে হাতত এই ৰেখা দেখিবলৈ পোৱা নাযায় বা থাকিলেও স্পষ্ট নহয়। ‘M’ চিহ্ন থকা ব্যক্তি তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু বিবেকবান হয়। যদি কোনো পুৰুষৰ হাতত এই চিহ্ন থাকে তেনেহ’লে সেই পুৰুষ জীৱনত বহুত সন্মান আৰু যশস্যাৰ অধিকাৰী হয়। ধনী আৰু প্ৰভাৱশালী ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। জীৱন সংগীক সন্মান দিয়াৰ দৰে জীৱন সংগীৰ পৰাও বহুত ভালপোৱাৰ অধিকাৰী হ’বলৈ সক্ষম হয়। মুঠতে যি ব্যক্তিৰ হাতত ‘M ‘ চিহ্ন থাকে তেওঁ বহুত বেছি ভাগ্যবান হৈ থাকে।
যদি কোনো মহিলাৰ সোঁ হাতৰ তলুৱাত ‘M’ চিহ্ন থাকে তেনেহ’লে তেওঁ পুৰুষৰ তুলনাত আৰু বহুত বেছি ভাগ্যবতী হৈ থাকে। এনে হাতৰ মহিলা খুবেই চালাক , সৰল মনৰ আৰু কৰ্মত পাৰ্গত হৈ থাকে। এওঁলোক আদৰ্শ মাতৃ হিচাপে বিবেচিত হ’ব পাৰে।