বঙাইগাঁও , ২৫ মাৰ্চ : হিন্দী, বাংলা অথবা দক্ষিণ ভাৰতীয় চিনেমাৰ লগত ফেৰ মাৰিব গলে অসমীয়া চিনেমা তথা দৰ্শকৰ যথেষ্ট কৰণীয় আছে ৷ একাধিক কাৰনৰ লগতে কাৰিকৰী দিশতো অসমীয়া চিনেমা যথেষ্ট উন্নত হোৱাৰ প্ৰয়োজন আছে ৷ দক্ষিণ ভাৰতৰ ৰামুজী ফিল্ম চিটিৰ যিবোৰ সা-সুবিধা তথা উন্নত কাৰিকৰী – প্ৰযুক্তিৰ সুবিধা আছে এইবোৰ সুবিধা অসমত থাকিলে নিশ্চয় অসমীয়া চিনেমাৰ মানদণ্ডৰো যথেষ্ট উন্নত ঘটিল হেতেন । এই মন্তব্য অসমীয়া চিনেমা তথা ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ৷ ২৪ মাৰ্চৰ পৰা তিনিদিনয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত প্ৰথম বঙাইগাঁৱত চলচ্চিত্ৰ মহোৎসৱত শনিবাৰে মুখামুখি অনুষ্ঠানত অংশলৈ অভিনেতা জনে কয় যে হিন্দী – বেংগলী অথবা দক্ষিণ ভাৰতীয় চিনেমাৰ দৰে অসমীয়া চিনেমা বিভিন্ন মাধ্যমত প্ৰচাৰৰ সংখ্যাও সীমিত ৷
ইয়াৰ মূলত কাৰন হৈছে অসমীয়া চিনেমা জগতত প্ৰচাৰৰ ক্ষেত্ৰত গ্ৰহন কৰা নহয় সুনিৰ্দিষ্ট পৰিকল্পনা ৷ প্ৰচাৰৰ ক্ষেত্ৰত বাজেটৰ পৰিমাণ যথেষ্ঠ কমকৈ ৰখা হয় যাৰ বাবে অইন আঞ্চলিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনেমাৰ লগত অসমীয়া চলচ্চিত্ৰই ফেৰ মাৰিব নোৱাৰে ৷ অভিনেতা বৰাৰ মতে অসমীয়া চিনেমা ফেৰ মাৰিব গলে প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰূপ কৰিব লাগিব আৰু প্ৰয়োজনীয় অৰ্থ এই ক্ষেত্ৰত বাজেটত ৰাখিব লাগিব ৷ আজিৰ এই মুখামুখি অনুষ্ঠানটিৰ আতঁ ধৰে অভয়াপুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপিকা ড° মৰমী বৰঠাকুৰ তালুকদাৰে । উল্লেখ্য যে বঙাইগাঁৱৰ অন্যতম সাংস্কৃতিক – সামাজিক গোষ্ঠী ’ সূৰ্য ’ ৰ উদ্যোগত , বঙাইগাঁও চিনে ক্লাব আৰু ’ চলচিত্ৰম ’ ৰ সহযোগত বঙাইগাঁৱত অনুষ্ঠিত হৈছে এই চলচ্চিত্ৰ মহোৎসৱৰ ৷ শনিবাৰে উদ্বোধন কৰা হয় এই চলচ্চিত্ৰ মহোৎসৱৰ ৷ চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰে বঙাইগাঁও পৌৰসভাৰ সভাপতি সুবোধ চন্দ্ৰ দাসে।
এই অনুষ্ঠানটিৰ উদ্দেশ্য ব্যখ্যা কৰে চিনে ক্লাবৰ অন্যতম কৰ্মকৰ্তা তথা সঞ্জীৱ ৰায়ে । সভাত সামাজিক – সাহিত্যিক গোষ্ঠী সূৰ্যৰ সভাপতি তথা জেষ্ঠ সাংবাদিক সাম্য ভৰদ্বাজ , সাধাৰণ সম্পাদক অঞ্জন কুমাৰ দাস, বঙাইগাঁও চিনে ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱা সহ আৰু কেবজনো কৰ্মকৰ্তা উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানটিৰ আতঁ ধৰে মিতালী চৌধুৰীয়ে ৷ উল্লেখ্য যে আজি ’শৃংখল ’ , ’বান্ধোন ’ আৰু ’টিআৰপি ’ নামৰ এই তিনিখন অসমীয়া ছবি প্ৰদৰ্শন কৰা হয় । দেওবাৰে দিনৰ ১০.৩০ বজাৰ পৰা ’কেলেন্ডাৰ’ , ৩ বজাৰ পৰা ’ সোণাৰ বৰন পাখি ’’ নামৰ অসমীয়া ছবি প্ৰদৰ্শন কৰা হব ৷ দেওবাৰে দিনৰ ১ বজাৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতৰ ওপৰত এক কৰ্মশালাৰো আয়োজন কৰা হৈছে ৷ উক্ত কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ মূৰব্বী অধ্যাপক কিশোৰ কুমাৰ শৰ্মা ৷ নিশা পৰম্পৰাগত এক ফেশ্বন শ্ব ৰো আয়োজন কৰা হৈছে কাইলৈ ৷