প্ৰিয়ংকা চোপ্ৰাই কেৰিয়াৰৰ শিখৰত বলীউড এৰি থৈ যায়। মায়ানগৰী এৰি তেওঁ সুদূৰ আমেৰিকালৈ গুচি যায়। এতিয়া তেওঁ হলিউডৰ চকুৰ মণি। প্ৰিয়ংকা চোপ্ৰা জোনাছে কেইবাটাও জনপ্ৰিয় টেলিভিছন শ্ব’ আৰু চিনেমাৰ পিছত ৰুছ’ ব্ৰাদাৰ্ছৰ সৈতে ৱেব চিৰিজত কাম কৰি আছে। এতিয়া হলিউডৰ প্ৰথম শাৰীৰ তাৰকাসকলৰ লগত তেওঁৰ নাম ৰখা হয় ৷ দেশী গার্ল প্ৰিয়ংকাই হলিউডত নিজৰ স্থান প্ৰশস্ত কৰিছে। কিন্তু কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ সময়ত প্ৰিয়ংকাই মুম্বাই এৰি কিয় গৈছিল ? শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ সেই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে ৷
‘ইন মাই চিটি’, ‘এক্স’টিক’ আদি মিউজিক ভিডিঅ’ত তেওঁক দেখা গৈছে। প্ৰিয়ংকাই উইল.আই.এম, পিটবুলৰ দৰে বিশ্ববিখ্যাত পপ তাৰকাৰ সৈতে গীত গাইছিল। শেহতীয়া এক সাক্ষাৎকাৰত প্ৰিয়ংকাই কয় যে বলীউডত ‘সত খুন মাফ’ ছবিত কাম কৰি থাকোঁতে অঞ্জুলা আচাৰ্যৰ পৰা ফোন আহিছিল। অঞ্জুলাই প্ৰথমে তেওঁক আমেৰিকালৈ আহি গান গোৱাৰ প্ৰস্তাৱ দিছিল। সেই সময়ত প্ৰিয়ংকাই বলীউডৰ পৰা ওলাই অহাৰ পথ বিচাৰি আছিল। তেওঁ কয়, “সেই সময়ত মই বলীউডত প্ৰায় বিচ্ছিন্ন হৈ আছিলো। মোক ভালকৈ কাষ্ট কৰা হোৱা নাছিল। মোৰ লগত বহুতৰে সমস্যা হৈছিল। আৰু এতিয়া এই সকলোবোৰ মোৰ ভাল নালাগে। এই সকলোবোৰ লেতেৰা ৰাজনীতিত মই ভাগৰি পৰিছিলো।” প্ৰিয়ংকাই আমেৰিকালৈ আহি গান গাবলৈ ধৰিলে, কিন্তু বিশেষ সফলতা নাপালে। অৱশ্যে তেওঁৰ গীতটো হলিউডৰ কেইবাগৰাকীও তাৰকাৰ সৈতে যোগাযোগৰ মাধ্যম হৈ পৰে। প্ৰিয়ংকাই কয় –“মই ইমান বছৰ বলীউডত কাম কৰি আহিছো। কিন্তু সেই সময়ত মই ইমানেই হতাশ হৈ পৰিছিলো যে সকলো এৰি থৈ যাবলৈ মন গৈছিল।”
কিছুদিন হলিউডত কটোৱাৰ পিছত প্ৰিয়ংকাই উপলব্ধি কৰে যে গান গোৱাতকৈ অভিনয়ত তেওঁ ভাল। তাৰ পিছত তেওঁ আমেৰিকাত অভিনয়ৰ সুবিধা বিচাৰিবলৈ ধৰিলে। ইটোৰ পিছত সিটোকৈ অডিচন দিয়াৰ পিছত তেওঁ টেলিভিছন ধাৰাবাহিক ‘কোৱাণ্টিকো’ত সুযোগ পালে। যোৱা কেইবছৰমানৰ পৰা প্ৰিয়ংকাই ড্ৱেইন জনছন ওৰফে দ্য ৰক, জেক এফ্ৰন, লিয়াম হেমছৱৰ্থ, এডাম ডেভাইন, ৰেবেল উইলছন আদি তাৰকাৰ সৈতে কাম কৰি আহিছে। আনকি তেওঁক ‘মেট্ৰিক্স: ৰিভল্যুচনছ’ ছবিখনত কিয়ানু ৰিভছৰ সৈতে ফ্ৰেমত দেখা গৈছিল। এইবাৰ প্ৰিয়ংকাই মাৰ্ভেল খ্যাতিৰ ৰুছ’ ব্ৰাদাৰ্ছৰ সৈতে টিম আপ কৰিছে। অহা এপ্ৰিল মাহত মুক্তি পাব থ্ৰিলাৰ ধাৰাবাহিক ‘চিটাডেল’। ‘গেম অৱ থ্ৰ’নছ’ খ্যাত ৰিচাৰ্ড মেডেনেও এই ধাৰাবাহিকখনত অভিনয় কৰিছে।