আঠুৰ বিষত বহুতে কষ্ট পাই থকাৰ উপৰিও বয়স বাঢ়ি অহাৰ লগে লগে বিষবোৰ বেছি হোৱা দেখা যায়। আজিকালি খোৱা খাদ্যৰ বাবেই হওঁক বা শাৰীৰিক পৰিশ্ৰমৰ অভাৱতেই হওঁক কম বয়সৰ পৰাই আঠুৰ বিষ হোৱা দেখিবলৈ পোৱা যায় । আঠুৰ বিষ নোহোওঁতেই আমি ব্যায়াম কৰাৰ উপৰিও এই খাদ্যবোৰ খোৱাৰ তালিকাত ৰাখিলে আঠুৰ বিষ হোৱাৰ পৰা সকাহ পাব পাঁৰো—
১) নহৰু :- নহৰু অকল মচলাই নহয় নহৰু খালে শৰীৰৰ বিষ-বেদনাও কমি যায়। কাৰণ নহৰুত থকা এণ্টিইনফ্লুমেটৰি উপাদান থকাৰ বাবে শৰীৰৰ পেশীবোৰ সবল কৰি ৰখাত সহায় কৰাৰ উপৰিও বিষ নিয়ন্ত্ৰণত ৰাখিব পাৰে। গৰম ভাতত এখুটা নহৰু খালে বা কেঁচা নহৰু খালেও উপকাৰ পোৱা যায়।
২) আদা :- আদাত বহুত উপকাৰী গুণ আছে। আঠুৰ বিষ কোমোৱাত আদাৰ বিশেষ ভূমিকা আছে। শৰীৰৰ আন বিষ -বেদনা বোৰৰ বাবেও আদা উপকাৰী। আঞ্জাত আদা ব্যৱহাৰ কৰাৰ উপৰিও চাহত আদা দি খালেও উপকাৰ পোৱা যায়।
৩) বাদাম :- কাঠ বাদাম , কাজু বাদাম , আখৰুট আদি বিভিন্ন ধৰণৰ বাদাম স্বাস্থ্যৰ বাবে উপকাৰী। খাদ্যৰ তালিকাত বাদাম ৰাখিলে আঠুৰ বিষ নিয়ন্ত্ৰণত থাকে।
৪) বেৰী জাতীয় ফল :- ষ্ট্ৰ’বেৰি , ব্লু’বেৰি আদিৰ দৰে ফলবোৰত এণ্টি-অক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে। খাদ্যৰ তালিকাত এই ফলবোৰ ৰাখিলে আঠুৰ বিষ উপশম হয়।
৫) অলিভ অয়েল :- আঠুৰ বিষত কষ্ট পাই থাকিলে কিছুদিন অলিভ-অয়েলৰে খোৱা বস্তু ৰান্ধি খাব লাগে। ইয়াৰ উপৰি চালাডতো এই তেল ব্যৱহাৰ কৰিব পাৰি।
৬) মাছ :- মাছ খালেও আঠুৰ বিষ নিয়ন্ত্ৰণত থাকে। সাগৰীয় মাছত প্ৰচুৰ পৰিমাণে ওমেগা ফেটি এচিদ , এণ্টি অক্সিডেণ্ট , ভিটামিন ডি’ আদি উপাদান থাকে। এই ফেটি এচিদে আঠুৰ বিষ প্ৰতিৰোধ কৰাত সহায় কৰে।