আইপিএলৰ প্ৰথমখন মেচত নেখেলিবও পাৰে মহেন্দ্ৰ সিং ধোনিয়ে ৷ ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীৰ বাওঁ আঁঠুত আঘাত পোৱা বুলি জানিব পৰা গৈছে। সেইবাবেই ধোণীয়ে প্ৰথম মেচত জিৰণি ল’ব পাৰে। তেওঁ খেলিব নোৱাৰিলে কোনে নেতৃত্ব দিব সেয়া জানিব পৰা হোৱা নাই।
বৃহস্পতিবাৰে সকলো দলৰ অধিনায়কে আহমেদাবাদলৈ যাত্ৰা কৰাৰ কথা আছিল। ধোনিও উপস্থিত হৈছে আৰু ট্ৰফী লৈ ফটোও তুলিলে। শুকুৰবাৰে প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছ মুখামুখি হ’ব। ধোনী বনাম হাৰ্দিক পাণ্ডিয়াৰ যুঁজখন চাবলৈ সকলোৱে আগ্ৰহেৰে বাট চাই আছে। কিন্তু হ’বনে? ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ধোনী আহত হৈছে। সেইবাবেই তেওঁক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে । চেন্নাই দলৰ চিইঅ’ কাশী বিশ্বনাথনে কয়, ‘মই যিমানদূৰ জানো অধিনায়কজন ১০০ শতাংশ সুস্থ। মই আৰু একো নাজানো।”
ধোনীৰ লগত চেন্নাইয়ে খৰখেদা কৰিব নিবিচাৰিব। চেন্নাইয়ে প্ৰথমখন মেচত ধোনীক জিৰণি দিব বিচাৰিব ৷ যাতে তেওঁ পৰৱৰ্তী মেচসমুহত খেলিব পাৰে ৷বৃহস্পতিবাৰে ধোনীক ফটো তুলি থকা দেখা গৈছিল যদিও চেন্নাইৰ অনুশীলনত তেওঁক দেখা পোৱা নগ’ল। তাৰ পিছত গম পোৱা যায় যে ধোনীয়ে আঁঠুৰ সমস্যাৰ বাবে অনুশীলন কৰা নাছিল। অৱশ্যে শুকুৰবাৰে খেলখন খেলিব নোৱাৰিব বুলি চেন্নাইয়ে অৱগত কৰা নাই।
সোমবাৰে চেন্নাইত অনুশীলনৰ সময়তো ধোনিৰ আঁঠুৰ সমস্যা দেখা দিয়ে। সেই আঘাতত তেওঁ এতিয়াও ভুগি আছে। গতিকে মেচৰ আগদিনা অনুশীলন কৰি তেওঁ অতিৰিক্ত চাপ দিব বিচৰা নাছিল। আজি তেওঁক দেখা যায়নে নাযায় সেয়া লক্ষণীয় হ’ব ৷