VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 31, 2023
in মুখ্য সংবাদ
মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

মোবাইল ফোনৰ প্ৰতি আসক্তি কাৰ নাই ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত হৈ থাকে মোবাইলত ৷ দুই চাৰিজন মানুহ একেলগে একে স্থানত থাকিলেও কথা বতৰাৰ পৰিৱর্তে মোবাইলত ব্যস্ত হৈ থকা পৰিলক্ষিত হয় ৷ কিন্তু স্য়ং মোবাইলৰ অৱিস্কর্তাইয়ো ভবা নাছিল যে এনে এটা দিন আহিব যে সকলো লোক কেবল মোবাইলত ব্যস্ত হৈ থাকিব ৷ শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে মোবাইলৰ আৱিস্কাৰক মার্টিন কুপাৰে ৷ তেওঁ কয় -“মানুহে গোটেই দিনটো নিজৰ ফোনলৈ ব্যস্ত হৈ  থাকে। মই ভবা নাছিলো যে এনেকুৱা হ’ব!” আমেৰিকাৰ অভিযন্তা মাৰ্টিন কুপাৰে ৫০ বছৰ পূৰ্বে এই মোবাইল ফোন আৱিষ্কাৰ কৰিছিল। এতিয়া এই যন্ত্ৰটোৰ প্ৰতি মানুহৰ মোহ আৰু ভ্ৰম দেখি তেওঁ ক্ষুন্ন হৈ উঠিছে। তেওঁ কয় যে  পকেটৰ ভিতৰত ৰাখিব পৰা সৰু যন্ত্ৰটোৱে বহু সমস্যা সহজ কৰি তুলিব পাৰে সেইটো হয়, কিন্তু মানুহ অলপ বেছি আকৰ্ষিত হৈ পৰিছে!

 

শেহতীয়াকৈ কেলিফৰ্ণিয়াৰ ডেল মেৰেত থকা নিজৰ কাৰ্যালয়ত সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৯৪ বছৰীয়া কুপাৰে কয় , ‘কোনোবাই ৰাস্তা পাৰ হৈ চেল ফোন চাই থকা দেখিলে মোৰ হৃদয় ভাঙি যায়। কিছুমান মানুহৰ এনেদৰে মৃত্যু নহ’লে কাৰো মনলৈ সাৱধনতা নাহিব ।”

 

কুপাৰে পৰিধান কৰে এপল ঘড়ী। আইফোনৰ শেহতীয়া সংস্কৰণ তেওঁ ব্যৱহাৰ কৰে ৷ নতুন সংস্কৰণ আহিলেই মোবাইল ফোনটো সলনি কৰি দিয়া বুলিও তেওঁ  ক’য় । কিন্তু একে সময়তে তেওঁ স্বীকাৰ কৰে যে ফোনত হাজাৰ হাজাৰ এপ আছে, যাৰ বেছিভাগেই তেওঁ ব্যৱহাৰ কৰিব নাজানে। কুপাৰৰ ভাষাত, “মোৰ নাতি-নাতিনী বা তেওঁলোকৰ সন্তানে ব্যৱহাৰ কৰা ধৰণে মই কেতিয়াও মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিম। বেছিভাগেই কথা পাতিবলৈ ফোন ব্যৱহাৰ কৰো।আজি মানুহে যি মোবাইল ফোনৰ যাদু উপভোগ কৰে, সেয়া সদায় নাথাকিব।প্ৰতিটো প্ৰজন্ম অধিক বুদ্ধিমান হ’ব, প্ৰযুক্তি অধিক উন্নত হ’ব।”

কুপাৰে ১৯৭৩ চনৰ ৩ এপ্ৰিলত প্ৰথমটো মোবাইল ফোন নিৰ্মাণ কৰে। সেই ফোনটো আছিল যথেষ্ট গধুৰ, বহু তাঁৰৰ সৈতে জটিল বস্তু। সেই সময়ত তেওঁ এটা মোবাইল নিৰ্মাণ কোম্পানীত কাম কৰি আছিল। কোম্পানীটোৱে লাখ লাখ ডলাৰৰ প্ৰকল্প হাতত লৈছিল। বজাৰত প্ৰতিযোগিতাও বৰ বেছি। যুদ্ধ চলি আছে, কোনে প্ৰথমে মোবাইল লৈ আহিব। কাৰণ মোবাইল ফোন বনোৱাৰ পৰিকল্পনা বহু আগতেই মানুহৰ মনলৈ আহিছিল। দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ কিছু সময়ৰ পিছতে প্ৰথম চিন্তা আৰম্ভ হৈছিল। ১৯৬০ চনত এটা কোম্পানীয়ে গাড়ীত ফোন ব্যৱস্থা প্ৰৱৰ্তন কৰে। কিন্তু সেই আৱিষ্কাৰ বৰ সফল নহ’ল। তাৰ বাবে গাড়ীখনৰ এটা বিশাল বেটাৰী ৰাখিব লগীয়া হৈছিল৷ মুঠতে বিষয়টো যথেষ্ট অসুবিধাজনক। “

 

১৯৭২ চনৰ শেষৰ ফালে কুপাৰে সিদ্ধান্ত লয় যে তেওঁ এনে এটা যন্ত্ৰ তৈয়াৰ কৰিব যিটো এজন ব্যক্তিয়ে সকলো সময়তে লগত লৈ যাব পাৰে। যিকোনো ঠাইতে ব্যৱহাৰ কৰিব পাৰিব। কুপাৰ আৰু তেওঁৰ বিশেষজ্ঞ দলটোৱে একেৰাহে তিনিমাহ ধৰি দিনে-নিশাই গৱেষণা কৰিছিল।  কুপাৰৰ প্ৰথমটো মোবাইল ফোনটোৰ ওজন আছিল ১ কিলোগ্ৰামতকৈও অধিক। সৰ্বাধিক ২৫ মিনিট কথা ক’ব পাৰিছিল মোবাইলটোৰে ৷হাতত সেই ২৫ মিনিট সময় লৈ কুপাৰে প্ৰথমটো ফোন কল কৰিলে প্ৰতিদ্বন্দ্বী ফোন নিৰ্মাতা কোম্পানী এটাৰ কাৰ্যালয়লৈ। ক’লে, “মই মাৰ্টিন কুপাৰ। হেণ্ডহেল্ড মোবাইলত কথা পাতি আছো। এটা সঁচাকৈয়ে চেল ফোন, ব্যক্তিগত, পৰ্টেবল, হাতেৰে ধৰিব পৰা ।”

 

Previous Post

কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস

Next Post

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

প্ৰথম মেচত অনিশ্চয়তাত ধোনী! আঠুৰ আঘাতৰ বাবে অংশ নল’লে অনুশীলনত

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7