আই পি এল আৰম্ভ হোৱাৰ পৰাই পুনৰ ছন্দলৈ ওভতি আহিছে বিৰাট কোহলী। প্ৰথমখন খেলতে তেওঁ আন এক মাইলৰ খুঁটিত উপনীত হয়। দেওবাৰে ডেভিদ ৱাৰ্নাৰৰ অভিলেখ স্পৰ্শ কৰে কোহলীয়ে।
কোহলীয়ে মেচখনত ৪৯ বলত ৮২ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। ৬টা চাৰি আৰু ৫টা ছয় কোবাই । এই ইনিংছে তেওঁক এক নতুন মাইলৰ খুঁটিলৈ লৈ গৈছে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে আই পি এলত ৫০ বা তাতকৈ অধিক অর্ধশতক অর্জন কৰা দ্বিতীয়জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। এই নজিৰ গঢ়ি তোলা প্ৰথমজন ভাৰতীয় ক্ৰিকেটাৰ। ইমান দিনে এই কৃতিত্ব আছিল কেৱল এইবাৰ দিল্লী কেপিটেলছৰ অধিনায়ক ৱাৰ্নাৰৰ। মুম্বাইৰ বিৰুদ্ধে ৩৮টা বলত পঞ্চাশটা অধৰশতক সম্পূৰ্ণ কৰে কোহলীয়ে।
ইয়াৰ লগে লগে আকৌ এবাৰ প্ৰমাণ কৰিলে তেওঁক কিয় ‘চেজ মাষ্টাৰ’ বুলি কোৱা হয়। ফাফ ডু প্লেছিছৰ সৈতে তেওঁৰ প্ৰথম উইকেট অংশীদাৰিত্ব আছিল ১৪৮ ৰান। সেইটোৱে মেচখনৰ ফলাফল নিশ্চিত কৰিলে।
আই পি এলত এতিয়ালৈকে ৫৬টা অর্ধশতক আৰু ৪টা শতক অৰ্জন কৰিছে ৱাৰ্নাৰে। তেওঁৰ পিছতে আচে কোহলী। দেওবাৰৰ খেলখনৰ পিছতে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বেটছমেনৰ অর্ধশতকৰ সংখ্যা হৈছে ৪৫টা আৰু ৫টা শতক। এই তালিকাত তৃতীয় স্থানত আছে পঞ্জাব কিংছৰ অধিনায়ক শিখৰ ধাৱান। বাওঁহাতৰ বেটছমেনগৰাকীয়ে ২ টা শতকৰ লগতে ৪৭টা অৰ্ধশতক অৰ্জন কৰিছে।