এইবাৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকললৈ আন এক সুখবৰ ৷ এইবাৰ ব্যাৱহাৰকাৰী সকলে লক কৰিব পাৰিব ব্যক্তিগত বাৰ্তাসমূহ৷ অতি শীঘ্ৰেই এপটোৱে ব্যৱহাৰকাৰীসকলক প্ৰদান কৰিব আন এক সুবিধা ৷জানিব পৰা মতে অতি কম সময়ৰ ভিৰতে হোৱাটছএপ ব্যৱহাৰকাৰীয়ে লক কৰিব পাৰিব নিজৰ ব্যক্তিগত বাৰ্তাসমূহ ৷
কোনো ব্যৱহাৰকাৰীয়ে যদি হোৱাটছএপত নিজৰ ব্যক্তিগত বাৰ্তা আৰু ফট’ নাইবা ভিডিঅ’সমূহ লক কৰিবলৈ বিচাৰে তেন্তে অতিশীঘ্ৰেই এই প্লেটফৰ্মৰ আগন্তুক ‘লক চাট’ বৈশিষ্ট্যই সেই কাম কৰাৰ সুযোগ প্ৰদান কৰিব ব্যৱহাৰকাৰীক।
মাজে মাজে কিছু নতুন নতুন বৈশিষ্ট্য গ্ৰাহক সকলৰ মাজলৈ লৈ অহা ইনষ্টেণ্ট মেছেজিং প্লেটফৰ্মসমূহৰ ভিতৰত হোৱাটছএপ অন্যতম। অৱশ্যে বৰ্তমান সময়লৈকে যদিও এপটোৱে ব্যৱহাৰকাৰীক এপটো নিজেই লক কৰাৰ সুযোগ দিয়ে তথাপি ই ব্যক্তিগত বাৰ্তালাপ বা চাটসমূহ লক কৰিব নোৱাৰে। কিন্তু এই সুবিধা হয়তো অতি সোনকালেই উপলব্ধ হ’ব৷
শেহতীয়া প্ৰতিবেদন অনুসৰি হোৱাটছএপ ডেভেলপাৰসকলে এইবাৰ এটা নতুন বৈশিষ্ট্যৰ ওপৰত কাম কৰি আছে যিয়ে ব্যৱহাৰকাৰীক ফিংগাৰপ্ৰিণ্ট বা পাছকোড ব্যৱহাৰ কৰি ব্যক্তিগত বাৰ্তাসমূহ লক কৰিবলৈ সুযোগ দিব। দেখাত ব্যৱহাৰকাৰীসকলে এই লক কৰা বাৰ্তাসমূহ এটা পৃথক অংশত চাব পাৰিব আৰু পাছকোড নথকা কোনো লোকৰ বাবে এই বাৰ্তাসমূহ চোৱা হয়তো অসম্ভৱ হ’ব।
যদি কোনোবাই আপোনাৰ ফোন ব্যৱহাৰ কৰিবলৈ বা চাবলৈ চেষ্টা কৰে আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াতো একাধিকবাৰ বিফল হয়, তেন্তে তেওঁলোকে ইয়াক খুলিব বিচাৰিলে প্ৰথমতেই ব্যক্তিগত বাৰ্তাসমূহ আতৰাব লাগিব।
এপটোৰ ব্যৱহাৰকাৰীসকলৰ গোপনীয়তা বৃদ্ধি কৰাৰ উপৰিও, নতুন বৈশিষ্টসমূহে স্বয়ংক্ৰিয়ভাৱে ডিভাইচ গেলেৰীত সংৰক্ষণ নকৰাকৈ ব্যক্তিগত বাৰ্তালাপৰ সৈতে ফটো নাইবা ভিডিঅ’ সমূহ লুকুৱাবলৈও সহায় কৰিব ।
এণ্ড্ৰইডৰ বাবে হোৱাটছএপ বিটাৰ শেহতীয়া সংস্কৰণ (v2.23.8.2)ত দেখা পোৱা গৈছে যে এই নতুন কাৰ্য্যক্ষমতা এপটোৰ ভৱিষ্যত সংস্কৰণত উপলব্ধ হ’ব। উল্লেখযোগ্য যে যোৱা মাহত হোৱাটছএপে এপটোৰ উইণ্ড’জ সংস্কৰণৰ বাবে কল লিংক, এণ্ড্ৰইড টেবলেটৰ বাবে স্প্লিট ভিউ ইন্টাৰফেচ, নতুন গ্ৰুপ অংশগ্ৰহণকাৰীক অনুমোদন দিয়াৰ ক্ষমতা, ষ্টেটাছ আপডেট হিচাপে ভইচ নোট পোষ্ট কৰা আদি কেইবাটাও নতুন বৈশিষ্ট্য মুকলি কৰিছিল।