সম্প্ৰতি বৃদ্ধি নাপায় ৰেপো ৰেট ৷ বৃহস্পতিবাৰে পুৱা ৰিজাৰ্ভ বেংকে সদৰী কৰিছে এই কথা ৷ অৰ্থাৎ, বর্তমানৰ ৰেপ’ ৰেট ৬.৫ শতাংশ অব্যাহত থাকিব । ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলস্বৰূপে গ্ৰাহকে ঘৰৰ ঋণ, গাড়ী ঋণ আৰু অন্যান্য ঋণৰ ওপৰত অতিৰিক্ত সুত দিব নালাগে ৷
শেহতীয়া ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰভাৱে ভাৰতৰ অৰ্থনীতিতো প্ৰভাৱ পেলাইছে। বহুতে আশংকা কৰিছিল যে সেই পৰিৱেশত ৰেপোৰ হাৰ বৃদ্ধি পাব। ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত ৰিজাৰ্ভ বেংকেও এনে ইংগিত দিছিল। সেই ক্ষেত্ৰত যিকোনো ঋণৰ সুতৰ হাৰ বেছি হ’লহেঁতেন। অৱশ্যে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে বৃহস্পতিবাৰে কয় যে এতিয়াৰ বাবে ৰেপো ৰেট বৃদ্ধি কৰা হোৱা নাই।
ৰিজাৰ্ভ বেংকে যোৱা মে’ মাহৰ পৰা ক্ৰমান্বয়ে ২৫০ বেচিছ পইণ্টেৰে ৰেপ’ ৰেট বৃদ্ধি কৰিছে। কিন্তু কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি বিশ্বৰ বজাৰৰ অনিশ্চয়তাৰ প্ৰতি লক্ষ্য ৰাখি বজাৰত চাহিদা বৃদ্ধিৰ প্ৰয়াস কৰা হৈছে। ঋণ লোৱাসকলৰ আস্থা লাভ কৰাৰ কথাও মনত ৰখা হৈছে। ফেব্ৰুৱাৰী মাহতো দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৬.৪৪ শতাংশ। এই হাৰ জানুৱাৰী মাহৰ তুলনাত কিছু কম যদিও ৰিজাৰ্ভ বেংকৰ লক্ষ্যতকৈ বহু বেছি। ইয়াৰ উপৰিও প্ৰতিকূল বতৰৰ বাবে খাদ্যৰ দামও বৃদ্ধি পাইছে। বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তই কিছু সকাহ দিব বুলি ধাৰণা কৰা হৈছে।