গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু কমিটীৰ সভাপতি নৱজ্যোতি তালুকদাৰৰ পৰিচালনাত আজি গুৱাহাটী কমাৰ্চ কলেজৰ সমীপত বিয়লি এখন পথসভা অনুষ্ঠিত হয়। নৰেন্দ্ৰ মোদীৰ শাসনত দেশত গভীৰ সংকটত পৰা গণতন্ত্ৰ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে চলা আক্ৰোশমূলক পদক্ষেপৰ প্ৰতিবাদত ৰাইজক সজাগ কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বানক্ৰমে এই পথসভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত ৰাইজক সম্বোধন কৰি বি জে পিৰ শাসনত কেনেদৰে গণতন্ত্ৰ আৰু দেশৰ সংবিধানক পদদলিত কৰি নৰেন্দ্ৰ মোদী চৰকাৰৰ স্বৈৰাচাৰী কৰ্মকাণ্ডৰ বিৰুদ্ধে তীক্ষ্ণ আক্ৰমণাত্মক বক্তব্য দাঙি ধৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে, বিধায়ক ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে।
আদানীৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটিৰ উৎস কি, প্ৰধানমন্ত্ৰী মোদী আৰু ব্যৱসায়ী আদানীৰ গোপন সম্পৰ্কৰ ৰহস্য ৰাজহুৱা কৰিবলৈ কেউগৰাকী বক্তাই দাবী তোলে। ইয়াৰ উপৰি দেশৰ জনসাধাৰণক কোঙা কৰা মূল্যবৃদ্ধিৰ বিষয়টো উত্থাপন কৰি বক্তাসকলে ইয়াক ৰোধ কৰাত ব্যৰ্থ হোৱা মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ নেতাসকলে। দেশত এতিয়া নৰেন্দ্ৰ মোদী আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লুটপাতে সৰ্বসাধাৰণ ৰাইজৰ জীৱন বিপদাপন্ন কৰি তুলিছে বুলি নেতাসকলে প্ৰকাশ কৰে। পথসভাত দলীয় কৰ্মীসকলে পথচাৰীৰ মাজত এখন প্ৰচাৰপত্ৰও বিতৰণ কৰে।