গুৱাহাটী, ৬ এপ্ৰিল: বিধানসভাত আজি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত অসমৰ গড়কপ্তানী তথা মুখ্যমন্ত্ৰীয়ে আৰু ১৮ খনকৈ নতুন টোলগেট অসমত স্থাপন কৰাৰ পৰিকল্পানৰ বিষয়ে লিখিত উত্তৰ প্ৰদানৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।এই চৰকাৰী জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি । সংগঠনটোৰ সাধাৰন সম্পাদক বিদ্যুৎ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ব্যাপক মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণক কোঙা কৰি পেলোৱাৰ সময়তে ভূতৰ ওপৰ দানৱ পৰা দি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত জনবিৰোধীয়েই নহয়,অসমবাসীৰ ওপৰত পোনপতীয়া এক আক্ৰমন। ইতিমধ্যে অসমত স্থাপন কৰা ৯ খন টোলগেটৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো ।
বিশেষকৈ কৃষক মুক্তিৰ বৃহৎ প্ৰতিবাদৰ বাবে চৰকাৰে বন্ধ কৰি ৰাখিবলৈ বাধ্য হোৱা ৰহা আৰু বিজনী টোলগেট দুখন লকডাউন , কা আন্দোলন , অখিল গগৈ গেপ্তাৰৰ সুযোগ লৈ চৰকাৰে পুনৰ খুলি দিলে আৰু সমান্তৰাল ভাৱে নতুনকৈ আৰু ৭খন টোলগেট স্থাপন কৰিলে। এতিয়া সেই মুঠ ৯খন টোলগেটত ব্যাপক টোলটেক্স বৃদ্ধি কৰি অসমৰ ৰাইজৰ ওপৰত কৰৰ সন্ত্ৰাস চলোৱা চৰকাৰে পুনৰ নতুনকৈ আৰু ১৮ খনকৈ টোলগেট স্থাপন কৰিবলৈ ওলোৱা পৰিকল্পনা আমি কেতিয়াও বাস্তৱায়িত হ’বলৈ নিদিওঁ । একেটা পথতে লেথাৰিকৈ ইখন পাছত সিখনকৈ টোলগেটৰ জৰিয়তে যান-বাহনৰ পৰা ব্যাপক কৰ সংগ্ৰহৰ ফলত কেৱল ব্যক্তিগত বাহন ব্যৱহাৰকাৰী লোক সকলেই যে প্ৰভাৱিত হ’ব এনে নহয়; প্ৰতিখন মালবাহী , যাত্ৰীবাহী বাহনৰ পৰা যেতিয়া বৰ্ধিত হাৰত টোল কৰ সংগ্ৰহ কৰিব ,তেতিয়া ব্যৱসায়ী সকলে বস্তুৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হ’ব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সামগ্ৰী সমূহ ক্ৰয় কৰা সাধাৰণ প্ৰতিগৰাকী জনসাধাৰণৰ ওপৰত পৰিব । ফলত মূল্যবৃদ্ধি দুগুনে বৃদ্ধি হ’ব ।গতিকে অসমৰ সকলো স্তৰৰ জনসাধাৰণক নতুন টোলগেট স্থাপন আৰু টোল কৰ বৃদ্ধিৰ বিৰোদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনাই নেতাগৰাকীয়ে। লগতে অসমৰ পৰা তেল, কয়লা, চূনশীল, চাহপাত ,বিজুলী, পানী লুন্ঠণ কৰা দিল্লীয়ে বিনিময়ত কেইটামান অসম্পূৰ্ণ পথ নিৰ্মান কৰি সেই পথ ব্যৱহাৰকাৰী পৰা অসমবাসীৰ পৰা এনেকৈ টোলগেটৰ জৰিয়তে কৰ সংগ্ৰহ কৰাটো অসমৰ প্ৰতি চূড়ান্ত অন্যায় বুলি তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰে সম্পাদক গৰাকীয়ে ।