মাৰ্চ-এপ্ৰিল মাহৰ পৰাই আৰম্ভ হয় গৰমৰ অনুভৱ । দিনক দিনে উষ্ণতা বৃদ্ি পাবলৈ আৰম্ভ কৰিছে ৷ প্ৰচণ্ড গৰমৰ পৰা হাত সাৰিবলৈ বহুতে শীতল পানীয় খোৱাৰ প্ৰৱণতা থাকে। স্বাস্থ্য সচেতন বহু লোকে স্বাস্থ্যৰ কথা ভাবি পুনৰ এনে কাৰ্বনেটেড বা শীতল পানীয় সেৱন কৰিব নিবিচাৰে। গৰমৰ দিনত চৰবত বা ডাব নাৰিকলৰ পানী খায়। পুষ্টিবিদসকলৰ মতে এইবোৰৰ বাহিৰেও গৰমৰ দিনত আন কিছুমান পানীয় আছে যিয়ে শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে।
গৰমৰ দিনত কেনেধৰণৰ পানীয় খালে শৰীৰ শীতল হৈ থাকিব?
১) বেলৰ চৰবত
ৰাতিপুৱা ১১ বজাৰ আগত কামলৈ ওলাই গ’লে শৰীৰত ঘাম ওলাবলৈ ধৰিলে। অতিৰিক্ত ঘামৰ লগত ওলোৱা নিমখে শৰীৰক অধিক ভাগৰুৱা কৰি তোলে। এই সময়ত বেলৰ চৰবত কামত আহিব পাৰে। কাৰণ, বেলত ৰাইব’ফ্লেভিন আৰু ভিটামিন বি থাকে, যাৰ ফলত ঘাম ওলোৱাৰ সময়তো শৰীৰত শক্তিৰ অভাৱ হ’ব নোৱাৰে। ইয়াৰ উপৰিও ইয়াত আইৰণ, ছডিয়াম, পটাছিয়ামৰ যৌগ থাকে যিয়ে হজম শক্তি উন্নত কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
২) ঘোল
বিভিন্ন মছলা আৰু নিমখ মিহলাই দৈৰে তৈয়াৰী এই সুস্বাদু পানীয় গৰমৰ দিনত শৰীৰ শীতল কৰাৰ বাবে উৎকৃষ্ট । যদি অত্যধিক ঘাম ওলোৱাৰ বাবে ভাগৰুৱা অনুভৱ হয়। ৰাস্তাৰ কাষত ছাঁত বহি এই ঘোল সেৱন কৰিব পাৰি। ক্লান্তি দূৰ কৰাৰ উপৰিও এই পানীয়ই অন্ত্ৰৰ স্বাস্থ্য আৰু হজম শক্তি বজাই ৰখাতো সহায় কৰে।
৩) তিয়ঁহ-পদিনা চৰবত
তিয়ঁহৰ লগত পদিনা পাত মিহলি কৰি প্ৰস্তুত কৰা চৰবতে গৰমৰ দিনত শৰীৰ আৰু মন দুয়োটা ঠাণ্ডা ৰাখিব পাৰে ৷ এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এই পানীয়ই পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰাত সহায় কৰাৰ লগতে ওজন কমাতো সহায় কৰে।